গুৱাহাটী, সংবাদ ৩৬৫, ২১ ছেপ্টেম্বৰঃ শনিবাৰে লক্ষীধৰ বৰা ক্ষেত্ৰত জনগোষ্ঠীয় সমন্বয় পৰিষদৰ এখন চোতাল সভা অনুষ্ঠিত হয়। সভাত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহৰ অন্যতম হৈছে, অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ জনগোষ্ঠীয়েহে সাংবিধানিক সুৰক্ষা কবচ পাব লাগে।

সভাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি মুমিনুল আৱালে কয় যে যোৱা ২০ ছেপ্টেম্বৰত অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে চৰকাৰে গঠন কৰা উচ্চস্তৰীয় সমিতিৰ ওচৰত তিনিটা বিষয় সম্পৰ্কত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে। প্ৰথম বিষয়টো হ’ল ৬নং দফা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চন, তাৰিখ অথবা খিলঞ্জীয়া বা অসমীয়াৰ সংজ্ঞা বিচাৰি অযথা সময় নষ্ট কৰি লাভ নাই। প্ৰব্ৰজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত জনগোষ্ঠীসমূহকহে সাংবিধানিক সুৰক্ষা কবচ দিব লাগে। কোনো কাৰণতে পূৰ্ববংগ বা পশ্চিম পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা মানুহৰ সতি-সন্ততিয়ে সাংবিধানিক সুৰক্ষা কবচ লাভ কৰিব নোৱাৰিব।

তেওঁ আৰু উল্লেখ কৰে যে প্ৰব্ৰজিত মুছলমানৰ দ্বাৰা ২৫টা বিধানসভা সমষ্টিত স্থানীয় জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে। গতিকে এই ২৫ টা বিধানসভা সমষ্টিত স্থানীয় জনগোষ্ঠীৰ বাবে সংৰক্ষণ কৰিব লাগে। অসম বিধানসভাত অসমৰ সৰু সৰু কেতবোৰ জনগোষ্ঠীয়ে প্ৰতিনিধিত্ব কৰাৰ পৰা বঞ্চিত হৈ আহিছে। সেয়েহে এই সৰু সৰু যেনে হাজং, দেউৰী, চাহ জনগোষ্ঠী জলহা আদি জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে উচ্চ সদনৰ ব্যৱস্থা কৰিব লাগে।

উক্ত সভাত গুৱাহাটীত এই দাবীৰ সমৰ্থনত এখন গণসমাৱেশ অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বিষয় তিনিটাৰ লগতে এনআৰচিত স্থানীয় জনগোষ্ঠীৰ গৰিয়া, মৰিয়া, দেশী, চাহ জনগোষ্ঠী জলহাৰ নাম বাদ পৰা সম্পৰ্কত মাননীয় মুখ্যমন্ত্ৰীৰ লগত এক আলোচনাৰো পোষকতা কৰে। এন আৰ চিৰ পৰা নাম বাদ পৰা এই জনগোষ্ঠীসমূহৰ লোকসকলৰ নাম এনআৰচিত অন্তৰ্ভুক্ত কৰিবৰ বাবে অসম চৰকাৰক দাবী জনোৱা হয়।

আৱালে আৰু কয় যে এই বিষয়সমূহৰ ক্ষেত্ৰত জনমনত গঠনৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত মঞ্চৰ তৰফৰ পৰা জনসভা অনুষ্ঠিত কৰা হ’ব। আৱালে কয় যে কোনো কাৰণতে প্ৰব্ৰজিত মুছলমানে যাতে সাংবিধানিক সুৰক্ষা লাভ কৰিব নোৱাৰে তাৰ বাবে মঞ্চই প্ৰবল জমনত গঠন কৰিব।