গুৱাহাটী : এক নৃশংস হত্যাকাণ্ড (Guwahati Double Murder)। ৰাজ্য জোকাৰি গৈছে এই নৃশংস হত্যাকাণ্ড। এগৰাকী মহিলাই স্বামী আৰু শাহুৱেকক হত্যা কৰি টুকুৰা টুকুৰ কৰিলে মৃতদেহ। অবৈধ প্ৰেম আৰু ধনৰ লালসাৰ বাবেই মহিলা গৰাকীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ।

মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। প্ৰয়া ৭ মাহ পূৰ্বে সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মহানগৰীৰ নাৰেংগীত এগৰাকী মহিলাই নিজৰ স্বামী আৰু শাহুৱেকক অতি নৃশংসভাৱে হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

অবৈধ প্ৰেম আৰু ধনৰ লালসৰ বাবেই মহিলা গৰাকীয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। নাৰেংগীৰ ভাৰতীয় ষ্টেট বেংকৰ সমীপৰ অমৰজ্যোতি দে নামৰ এজন যুৱকৰ সৈতে বন্দনা কলিতা নামৰ এগৰাকী যুৱতী বিবাহপাশত আবদ্ধ হৈছিল। বিয়াৰ কিছুদিন পিছতে স্বামী-স্ত্ৰীৰ মাজত সংঘাতৰ সৃষ্টি হয়। বন্দনা কলিতাৰ ধনজিত ডেকা নামৰ আন এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ বাবেই সৃষ্টি হৈছিল সংঘাতৰ।

দুয়োৰে বিবাহ বিচ্ছেদৰ প্ৰস্তুতিও চলি আছিল আছিল বুলি জানিব পৰা গৈছে। ইফালে অমৰজ্যোতি দে’ৰ মাতৃ শংকৰী দে’ৰ নামত চান্দমাৰী অঞ্চলত পাঁচটাকৈ অট্টালিকা আছে। ইয়াৰে এটা অট্টালিকাত শংকৰী দে’ৰ নিজে থাকৰ পৰিবৰ্তে চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰে শংকৰী দে’ৰ ভাতৃয়ে। ইয়াকেলৈ ক্ষুণ্ণ হৈ আছিল বন্দনা কলিতা।

অৱশেষত ৭ মাহ পূৰ্বে বন্দনা কলিতাই প্ৰেমী ধনজিত ডেকা আৰু ধনজিত ডেকাৰ এজন বন্ধুৰ সহযোগত শাহুৱেক শংকৰী দে আৰু স্বামী অমৰজ্যোতি দে’ক হত্যা কৰে। বন্দনা কলিতাই প্ৰথমে শাহুৱেক শংকৰী দে’ক হত্যা কৰে আৰু ইয়াৰ পিছতে স্বামী অমৰজ্যোতি দে’ক হত্যা কৰে। ইয়াৰ পিছতে বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে আৰু শাহু শংকৰী দে নিৰুদ্দেশ হৈ থকা বুলি নুনমাটি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে বন্দনা কলিতাই শংকৰী দে’ৰ ভাতৃয়ে শংকৰী দে’ৰ বেংকৰ টকা হৰলুকী কৰাৰ অভিযোগত পুনৰ এটা গোচৰ ৰুজু কৰে। কিন্তু আৰক্ষীৰ তদন্ত পোহৰলৈ আহে যে বন্দনা কলিতাই শাহুৱেক শংকৰী দে’ৰ বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াইছে। ইয়াৰ পিছতে আৰক্ষীৰ সন্দেহ ওপজাত আৰক্ষীয়ে বন্দনা কলিতাক জেৰা কৰাত প্ৰকৃত ঘটনা পোহৰলৈ আহে।

বন্দনা কলিতাই শাহুৱেক আৰু স্বামীক হত্যা কৰি টুকুৰা টুকুৰ কৰি কাটি ফ্ৰীজত ভৰাই ৰাখিছিল আৰু পৰৱৰ্তী সময়ত মেঘালয়ত মৃতদেহৰ টুকুৰা পেলাই দিয়া বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰে। বৰ্তমান আৰক্ষীয়ে বন্দনা কলিতাক লগত লৈ মৃতদেহ পেলাই দিয়া ঠাইলৈ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।