গুৱাহাটী : কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চিআইআই আৰু ইয়ং ইণ্ডিয়ানছৰ গুৱাহাটী শাখাই ভাৰতীয় সেনাৰ সৈতে গুৱাহাটীৰ নাৰেংগী সামৰিক কেন্দ্ৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এক নিয়োগ মেলাৰ (Job Mela) আয়োজন কৰে। ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত ৫১ ছাব-এৰিয়াইয়ো এই মেলাত সহযোগ কৰে।

এই মেলাত যথেষ্টসংখ্যক কৰ্পোৰেট গোষ্ঠীয়েও অংশগ্ৰহণ কৰে, য’ত ১৫০০ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। মেলাতে সশস্ত্ৰ বাহিনীৰ বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকৰ বাবে ২০ খন হুইলচেয়াৰো অনুদান হিচাপে আগবঢ়োৱা হয়। উল্লেখ্য যে এই নিয়োগ মেলাৰ উদ্দেশ্য আছিল সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা প্ৰাক্তন কৰ্মচাৰীসকলৰ বাবে এক উচিত মঞ্চ আৰু সুযোগ প্ৰদান কৰা, যিসকলে আহৰণ কৰা দক্ষতা আৰু অভিজ্ঞতাবোৰেৰে আন বিভিন্ন কামত মকৰল পাবৰ বাবে যোগ্য।

ইয়াৰ উপৰিও, ই.এছ.এম.বোৰক আন বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া যেনে অগ্নি নিৰ্বাপক, গাৰ্ড ডিউটি, ইলেক্ট্ৰিচিয়ান, ইনভেণ্টৰী মেনেজমেণ্ট, ক্লাৰিকেল ৱৰ্ক, আৰু অন্যান্য। মেলাত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাও উপস্থিত থাকে। উল্লেখ্য যে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া ৰাণা প্ৰতাপ কলিতা বৰ্তমান ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ (জিঅ’চি-ইন-চি) হিচাপে কাৰ্যনিসৰ্বাহ কৰি আছে।

উল্লেখ্য যে এই মেলাত মেজৰ জেনেৰেল আৰ.কে. ঝা, এ.ভি.এছ.এম., ব্ৰিগেডিয়াৰ সঞ্জীৱ চোপ্ৰা আৰু অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (এডমিন)ৰ হৰমিত সিঙ উপস্থিত থাকি ইয়ং ইণ্ডিয়ানছৰ এই প্ৰয়াসক ভূয়সী প্ৰসংশা কৰে। নিয়োগ মেলাত সেনা বাহিনীৰ বহু লোক উপস্থিত থাকে।