গুৱাহাটী : দুই কোটি টকা মূল্যৰ নিচাজাতীয় টেবলেট জব্দ। মহানগৰীত আৰক্ষীয়ে পুনৰ জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। আইএছবিটিৰ পৰা আৰক্ষীয়ে জব্দ কৰে নিচাজাতীয় টেবলেটখিনি।

মহানগৰ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখি পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত এক অভিযান চলাই মহানগৰ আৰক্ষীয়ে প্ৰায় দুই কোটি টকা মূল্যৰ নিচাজাতীয় ‘য়াবা’ টেবলেট জব্দ কৰি এই সাফল্য লাভ কৰিছে।

বুধবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে আইএছবিটিত অভিযান চলাই এখন বাহনৰ পৰা ৫০ হাজাৰ নিচাজাতীয় ‘য়াবা’ টেবলেট জব্দ কৰে। আৰক্ষীয়ে নিচাজাতীয় টেবলেটখিনি সৰবৰাহৰ সন্দেহত মহম্মদ চালামুদ্দিন নামৰ এজন যুৱককো আটক কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে নিচাজাতীয় টেবলেটখিনি মণিপুৰৰ পৰা অনা হৈছে। জব্দ হোৱা এই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটখিনিৰ মূল্য প্ৰায় দুই কোটি হ’ব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে। অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে।