ধেমাজি : ধেমাজি জিলাৰ গোগামুখত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত অব্যাহত আছে সীমা বিবাদ। অঞ্চলটোত দিনক দিনে অধিক ভয়াবহ হ’বলৈ ধৰিছে দুই ৰাজ্যৰ সীমা বিবাদ। সীমাক কেন্দ্ৰ কৰি চলি থকা বিবাদীত অঞ্চলটোৰ পৰা বৰ্তমান ৫ কিলোমিটাৰ অসম আৰক্ষী পিছুৱাই আহিছে বুলি জানিব পৰা গৈছে। জিলাখন বন বিষয়া আৰু চক্ৰ বিষয়াৰ দুৰ্বল ভুমিকাত ক্ষুন্ন হৈ পৰিছে স্থানীয় ৰাইজ। ইয়াকে লৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে ডঃ দিব্যজ্যোতি শইকীয়াই।

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে নামচাই চুক্তি সম্পাদন কৰিলে যদিও দুয়োখন ৰাজ্যৰ সীমা বিবাদৰ অন্ত পৰাৰ সম্ভাৱনা কিমান ? এই প্ৰশ্ন উত্থাপন কৰিছে দশক জুৰি সীমা সমস্যা সন্দৰ্ভত মাত মাতি অহা অসম সত্ৰ মহাসভাৰ যুৱ সংগঠন সমন্বিত যুৱ তীৰ্থৰ প্ৰতিষ্ঠাপক তথা বৰ্তমানৰ যুৱ তীৰ্থৰ মুখ্য উপদেষ্টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ১৪ জুলাইত সীমা বিবাদ সন্দৰ্ভত অৰুণাচল প্ৰদেশৰ নামচাইত চুক্তি সম্পাদন নৌপাওঁতেই পুনৰ সীমাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিল ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত পাণবাৰী।

উল্লেখযোগ্য ঘটনাৰ বিৱৰণি মতে ১৬ জুলাইত অসমৰ ভূমিত অৰুণাচলী বেদখলকাৰীয়ে নিৰ্মাণ কৰা দুখন টঙী ঘৰ জ্বলাই দিয়াৰ লগতে পথাৰত স্থাপন কৰা কাঁটা তাঁৰৰ বেৰা উভালি দিয়া হৈছিল। ১৭ জুলাইত অৰুণাচলী বেদখলকাৰীয়ে অসমৰ বাসীন্দাই ভাঙি পেলোৱা টঙী ঘৰ অৰুণাচলী বেদখলকাৰীয়ে পূৰ্বৰ স্থানৰ পৰা এক কিলোমিটাৰ অসমলৈ আগুৱাই আহি পুনৰ নিৰ্মাণ কৰাৰ লগতে দুই কিলোমিটাৰ আগুৱাই আহি নিৰ্মাণ কৰা কাঁটা তাঁৰৰ বেৰা পুনৰ স্থাপন কৰে। দুয়োখন ৰাজ্যৰ সীমান্তবাসীৰ মাজত এনে যুদ্ধংদেহী ৰূপ লৈ থকাৰ মাজতে ধেমাজি জিলা প্ৰশাসনে নতুনকৈ এক-দুই কিলোমিটাৰ আগুৱাই আহি অসমৰ মাটিত নিৰ্মাণ কৰা কাঁটা তাঁৰৰ বেৰাৰ এটা অংশ ভাঙিয়ে নিজৰ দায়িত্ব সামৰে।

তাৎপৰ্যযপূৰ্ণ যে, ধেমাজি জিলা প্ৰশাসন ঘটনাস্থলীত উপস্থিত হোৱাৰ খবৰ পাই বেদখলকাৰী অৰ্ধশতাধিক অৰুণাচলী লোকে ধেমাজি জিলা প্ৰশাসনৰ দলটোক আগভেটি ধৰাই নহয় অভব্য আচৰণ কৰে। অৰুণাচলী বেদখলকাৰী আৰু অৰুণাচলী আৰক্ষীৰ ভয়ত সম্প্ৰতি অসম আৰক্ষী অসম আৰু অৰুণাচল প্ৰদেশৰ প্ৰকৃত সীমাৰ পৰা ৫ কিলোমিটাৰ পিছুৱাই আহি অৱস্থান কৰি থকা কাৰ্যই অসম চৰকাৰৰ বন বিভাগ, আৰক্ষী তথা প্ৰশাসনীয় দিশটোৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে। প্ৰশাসনীয় ব্যৱস্থাটোৰ এনে ফোঁপোলা ৰূপটোৰ বিপৰীতে অসমৰ সীমান্তবাসী ৰাইজে হাতে হাতে দা-কুঠাৰ, ধনুকাড় লৈ সীমান্তত অৱস্থান কৰি অসমৰ ভূমি অৰুণাচলী বেদখলকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সষ্টম হৈ উঠিছে। উল্লেখনীয় যে, অৰুণাচলী বেদখলকাৰীয়ে বেদখল কৰি থকা ভূমি সম্পূৰ্ণৰূপে অসমৰ ধেমাজি জিলাৰ সোৱণশিৰি সংৰক্ষিত বনাঞ্চলৰ বনভূমি হোৱাৰ বিপৰীতে গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমি।

সীমান্তৰ এনে জটিল পৰিস্থিতিৰ মাজতো কোনো তৎপৰতা ধেমাজি জিলা বন বিষয়াৰ কাৰ্যালয় আৰু গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে গ্ৰহণ নকৰাটো ৰহস্যজনক বুলিয়ে বিবেচিত। বন বিভাগ আৰু গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে অৰুণাচলী বেদখলকাৰীক বৰপীৰা পাৰি দিয়া বুলিহে সীমান্তবাসী ৰাইজে অভিযোগ কৰিছে। সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত ডঃ দিব্যজ্যোতি শইকীয়াই শান্তিপূৰ্ণভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি সীমা সমস্যা সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।