গুৱাহাটী : ফেচবুকত বিতৰ্কিত কবিতা লিখাৰ অভিযোগত এগৰাকী ছাত্ৰী বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকাক কেন্দ্ৰ এতিয়া সমগ্ৰ অসমতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। যোৰহাট ডি চি বি মহাবিদ্যালয়ৰ গণিতৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী ১৯ বছৰীয়া বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ যুৱতী গৰাকীক ফেচবুকত বিতৰ্কিত কবিতা লিখাৰ অভিযোগত যোৱা ১৮ মে’ত গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ১০ আৰু ১৩ ৰ অধীনত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক অভিযুক্ত কৰা হৈছে।

বৰ্ষাশ্ৰী বুঢ়াগোহাঁই বৰ্তমান গোলাঘাট জিলা কাৰাগাৰত বন্দী হৈ আছে৷ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ গোচৰটোৰ শুনানি বৰ্তমান গুৱাহাটি উচ্চ ন্যায়ালয়ত চলি আছে আৰু পৰৱৰ্তী শুনানি ২১ জুলাইত হ’ব৷ ইফালে, স্থানীয় আদালতৰ ৰায়ৰ ভিত্তিত শনিবাৰে কাৰাগাৰৰ ভিতৰতেই বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক স্থানীয় প্ৰশাসনে পৰীক্ষাত বহিবলৈ দিয়ে। উল্লেখযোগ্য যে আদালতে ৰায় প্ৰদান কৰাৰ পিছতো বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক নিৰ্দিষ্ট পৰীক্ষা কেন্দ্ৰত কিয় পৰীক্ষাৰ বহিবলৈ স্থানীয় প্ৰশাসনে ব্যৱস্থা কৰি নিদিলে বুলি প্রশ্ন উত্থাপন কৰিছে সময়ে সময়ে সন্ত্ৰসবাদৰ বিৰুদ্ধে মাত মাতি অহা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সদৌ অসম ছাত্ৰ সন্থাক প্ৰশ্ন কৰে যে ছাত্র সন্থাই যদি ছাত্ৰ-ছাত্ৰীৰ বাবে বলিষ্ঠভাৱে পদক্ষপ গ্ৰহণ কৰিব নোৱাৰে তেনেহ’লে এনে ছাত্ৰ সংগঠনৰ প্ৰয়োজনেই বা কি? ডঃ দিব্যজ্যোতি শইকীয়াই লগতে উল্লেখ কৰে যে জুবিন গাৰ্গ নামৰ এজন গায়কে অলফালৈ যাম বুলি কৈছিল আৰু হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পৰিষদৰ এজন মন্ত্ৰী সঞ্জয় কিষনে আলফাৰ ওচৰত ক্ষমা বিচাৰি অপৰাধ কৰা সত্বেও চৰকাৰ তথা আৰক্ষীয়ে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰি সাধাৰণ এগৰাকী ছাত্ৰীক বাকৰুদ্ধ কৰি ছাত্ৰী গৰাকীক কাৰাগাৰত বন্দী কৰি ৰখা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

তাৎপৰ্যপূৰ্ণভাৱে, আৰক্ষীয়ে দাখিল কৰা এজাহাৰখনত কোৱা হৈছে যে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ কবিতাত ভাৰত চৰকাৰৰ বিৰুদ্ধে এক বৃহত্তৰ অপৰাধমূলক ষড়যন্ত্ৰ আৰু অভিপ্ৰায়ৰ কথা উল্লেখ কৰিছে। আনহাতে, বুদ্ধিজীৱী আৰু বিৰোধীয়ে ছাত্ৰী গৰাকীৰ মুক্তিৰ দাবী কৰিছে। ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে এগৰাকী উদীয়মান কবিয়ে কবিতাৰ জৰিয়তে তেওঁৰ অদম্য মুক্ত-প্ৰবাহিত আত্মাপ্ৰকাশ কৰি আহিছে। এনে পৰিস্থিতিত, দুমাহ সময় ধৰি, তেওঁক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত ৰখা হৈছে।

বৰ্তমান এইখন দেশত ৰাষ্ট্ৰদ্ৰুহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা আৰু কাৰাগাৰত ৰখাটো এতিয়া নতুন কথা নহয়। ডঃ দিব্যজ্যোতি শইকীয়াই পুনৰ চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে এইটো চৰকাৰৰ এটা ডাঙৰ ভুল। চৰকাৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক কাৰাগাৰত বন্দী কৰি কেৱল বাক স্বাধীনতাই যে খৰ্ব কৰিছে এনে নহয়, চৰকাৰে মানৱ অধিকাৰও উলঙ্ঘন কৰিছে বুলি মানৱ অধিকাৰ তথা সমাজকর্মী ডঃ দিব্যজ্যোতি শইকীয়াই প্ৰতিক্ৰিয়া প্রকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে।