গুৱাহাটী : শুকুৰবাৰে হাতীগাঁও আৰক্ষীৰ সাফল্যৰ পিছত শনিবাৰে ভগদত্তপুৰ আৰক্ষীয়ে লাভ কৰিলে সাফল্য। ভগদত্তপুৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত দুই বন্ধু-বান্ধৱীক আটক কৰিলে। নিজ ঘৰতে দুয়ো কাৰ্যালয় পাতি মুকলিকৈ চলাই আছিল ড্ৰাগছৰ বেহা।

মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰী অঞ্চলত চলিছে আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান। শুকুৰবাৰে নিশা হাতীগাঁও আৰক্ষীয়ে সিজুবাৰী অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু নগদ ৪,৩৩,৮০০ টকাসহ এগৰাকী মহিলা গাঞ্জা ব্যৱসায়ীক আটক কৰিছে। শনিবাৰে আকৌ সিজুবাৰীত চলিল ভগদত্তপুৰ আৰক্ষীৰ অভিযান।

শনিবাৰে সিজুবাৰীৰ পাঁচআলিত ড্ৰাগছ বিৰোধী অভিযান চলাই ভগদত্তপুৰ আৰক্ষীয়ে এগৰাকী মহিলা আৰু এজন যুৱকক ড্ৰাগছসহ আটক কৰে। ভগদত্তপুৰ আৰক্ষীয়ে নগদ ৫০ হাজাৰ টকা, মোৱাইল ফোন আৰু ১১ গ্ৰাম হে’ৰইনসহ ড্ৰাগছ ব্যৱসায়ী দুই বন্ধু-বান্ধৱীক আটক কৰে। এক গোপন খবৰৰ ভিত্তিত ভগদত্তপুৰ আৰক্ষীয়ে এই অভিযান চলাইছিল।

ধৃত ড্ৰাগছ ব্যৱসায়ী বন্ধু-বান্ধৱী দুজনক ক্ৰমে ফাৰুক আলী আৰু হাছিনা বেগম। দুই বন্ধু-বান্ধৱীয়ে ঘৰতৰ ভিতৰতে কাৰ্যালয় পাতি ড্ৰাগছৰ ব্যৱসায়ী চলাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। বিগত দুটা দিনত হাতীগাঁও আৰু ভগদত্তপুৰ আৰক্ষীয়ে সিজুবাৰীত ড্ৰাগছ বিৰোধী অভিযান চলাই দুটা বৃহৎ সাফল্য লাভ কৰিছে।অধিক তথ্যৰ বাবে ধৃত দুয়ো ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে জেৰা চলাই আছে।