আজিজ আলী

নলবাৰী : সাংসদ দিলীপ শইকীয়াৰ জন্ম গাঁৱত ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত পূৰ্ণদৈচপৰা গাঁৱৰ মৰোৱা-কমলপুৰ সংযোগী পথছোৱাৰ কালভাৰ্ট বৰলীয়া নদীয়ে উটুৱাই নিয়াৰ ফলত নলবাৰী-কামৰূপ জিলাৰ যোগাযোগ ব্যাহত হৈ পৰিছে। বৰ্তমান এখন বাঁহৰ সাকোঁ নিৰ্মাণ কৰি স্থানীয় ৰাইজে অতি বিপদসংকুলভাৱে যাতায়ত কৰিব লগীয়া হৈছে।

বাঁহৰ সাকোঁ ৰাইজে খোজ কাঢ়ি যাতায়ত কৰি আছে যদিও দুই চকীয়া, চাৰিচকীয়া বাহনৰ অহা যোৱা সম্পূৰ্ণ বন্ধ হৈ আছে। দেওবাৰে বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত এক বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি পথছোৱা মেৰামতি কৰাৰ দাবী জনায়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাৰ নেতৃত্বত এই কাৰ্য্যসূচীটোত জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক ঋত্বিক আলী, বাহাৰঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আকাশ বৰুৱা, সাধাৰণ সম্পাদক মইনুল হক, উপদেষ্টা জেহৰুল ইছলাম, শিক্ষা সম্পাদক জাহিৰ হুছেইন, সহঃ সাধাৰণ সম্পাদক বিতোপন শৰ্মা, অংগৰাগ দাসকে প্ৰমুখ্য কৰি অৰ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মী উপস্থিত থাকে।

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিকি শৰ্মাই দাবী জনাই যে বানপানী হৈ যাবৰ প্ৰায় এমাহে হ’ব কিন্তু সাংসদ দিলীপ শইকীয়াৰ জন্মগাঁৱত আজি পৰ্যন্ত ৰাইজে জীয়াতু ভোগা যি জ্বলন্ত ছবি তাক দেখি আমি সচাঁকৈয়ে দুখ পাইছো। স্থানীয় ৰাইজৰ সহযোগত বিক্ষোভ প্ৰদৰ্শণ কৰি আমি সকীয়াই দিছোঁ যদিহে অনতি পলমে সমস্যাৰ সমাধান নহয় তেনেহ’লে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিম।