আজিজ আলী

মুকালমুৱা : নলবাৰীৰ সুৰাদীত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী চুইফট ডিজায়াৰে খুন্দা মাৰিলে স্কুটীত। আহত স্কুটীখনৰ দুজন আৰোহী। আহত দুয়োজন আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।

নালবাৰী জিলাৰ সুৰাদীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এএছ-১২-এম-৫৫০৮ নম্বৰৰ এখন তীব্ৰ বেগী চুইফট ডিজায়াৰ বাহনে এএছ-১৪-এল-৫০৭৯ নম্বৰৰ এখন স্কুটীক পিছফালৰ পৰা খুন্দা মৰাত স্কুটীখনৰ দুজন আৰোহী আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত দুয়োজনকে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক হস্পতাললৈ প্ৰেৰণ কৰা হৈছে। আহত এজন যুৱকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত যুৱকদ্বয় নলবাৰীৰ কিশোৰ বৰ্মন,ল আৰু জ্ঞনদ্বীপ শৰ্মা।