মৈৰাবাৰী, ৪ মে’ : ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিনাম। ড্ৰাগছৰ নিচাত এজন যুৱকে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। নিজ ভগ্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰিলে ড্ৰাগছ আসক্ত যুৱকজনে (Drugs addicted youth attack sister)। চিকিৎসালয়ত মৃত্যৰ সৈতে যুঁজি আছে ভগ্নী। ভগ্নীক আক্ৰমণ কৰিয়ে যুৱকজন পলায়ন কৰে।

মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ড্ৰাগছ আসক্ত এজন যুৱকে নিজ ভগ্নীক চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুত্বৰভাৱে আহত কৰে। আশ্বাদুল ইছলাম নামৰ ড্ৰাগছ আসক্ত যুৱক এজনে নিজ ভগ্নী মিনাৰা খাতুনক কাণ আৰু ডিঙিত চোকা অস্ত্ৰৰে ঘপিয়াই গুৰুত্বৰভাৱে আহত কৰে। আহত
মিনাৰা খাতুনক সংকটজনক অৱস্থাত মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে মিনাৰ খাতুনক চিকিৎসকে নগাঁও লৈ প্ৰেৰণ কৰে।

ড্ৰাগছ আসক্ত আশ্বাদুল ইছলামে ভগ্নীক চোকা অস্ত্ৰৰে ঘপিয়াই পলায়ন কৰে বুলি জানিব পৰা গৈছে। আশ্বাদুল ইছলাম নামৰ যুৱকজন ড্ৰাগছ, জুৱাৰ লগতে বিভিন্ন অসমাজিক কামৰ লগত দীৰ্ঘদিন ধৰি লিপ্ত হৈ আছে। অপৰাধী প্ৰকৃতিৰ আশ্বাদুল ইছলামে প্ৰায়ে ঘৰত পৰিয়ালৰ লোকক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰি চলাই আহে বুলি আশ্বাদুল ইছলামৰ মাতৃয়ে জানিবলৈ দিয়ে।

ড্ৰাগছ আসক্ত আশ্বাদুল ইছলামৰ মাতৃয়ে কয় “পুত্ৰৰ অত্যাচাৰত অতিষ্ঠ হৈ মঙলবাৰে মাতৃয়ে মৈৰাবাৰী আৰক্ষীৰ কাষ চাপিছিল। মাতৃয়ে মৈৰাবাৰী আৰক্ষীক ড্ৰাগছ আসক্ত পুত্ৰক চমজাই দিছিল যদিও আৰক্ষীয়ে কোনো ধৰণ ব্যৱস্থা নকৰি পুত্ৰক মুকলি কৰি দিছিল।” বুধবাৰে সন্ধিয়া ড্ৰাগছ সেৱন কৰি আহি চোকা অস্ত্ৰৰে নিজৰ ভগ্নীক ঘপিয়াই মৃত্যুৰ দুৱাৰ মুখলৈ ঠেলি দিয়ে আশ্বাদুল ইছলাম নামৰ যুৱকজনে।

জানিব পৰা মতে আশ্বাদুল ইছলামৰ ভগ্নী মিনাৰা খাতুনে ৰুটি বনাই থকা অৱস্থাত আশ্বাদুল ইছলামে পিছফালৰ পৰা চোকা অস্ত্ৰৰে মিনাৰা খাতুনৰ ডিঙি আৰু কাণত আক্ৰমণ কৰে। লগে লগে মাটিত ঢলি পৰা মিনাৰা খাতুনক পৰিয়ালৰ লোকে মৈৰাবাৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে নগাঁও লৈ প্ৰেৰণ কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে অসম আৰক্ষীয়ে ড্ৰাগছমুক্ত অসমৰ লক্ষ্যৰে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও ভিতৰুৱা অঞ্চল সমূহত সহজে উপলব্ধ হৈ আছে বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত চলি থকা ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে আৰক্ষীক অধিক তীব্ৰতাৰে অভিযান চলাবলৈ দাবী জনায় মৈৰবাৰীৰ সচেতন ৰাইজে।