মাৰ্ঘেৰিটা, ৪ মে’ : জঘন্য ঘটনা (shameful incident)! ১২ বছৰীয়া নাবালিকাক যৌন নিৰ্যাতন চলাই হত্যা। মৃতদেহ লুকুৱাই ৰাখিলে শৌচালায়ৰ টেংকীত। নাবালিকা গৰাকীৰ মাতৃয়ে আত্মীয়ৰ ঘৰত থৈ গৈছিল নাবালিকা গৰাকীক। অভিযুক্ত আনন তাঁতী পলাতক। ৰাইজে আনন তাঁতীৰ কঠোৰ শাস্তিৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ।

মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে ৰাজ্যত। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এই জঘন্য ঘটনা। এগৰাকী ১২ বছৰীয়া নাবালিকাক এজন লোকে যৌন নিৰ্যাতন চলাই হত্যা কৰিছে। যৌন নিৰ্যাতন আৰু হত্যাৰ পিছত নাবালিকা গৰাকীৰ মৃতদেহ লোকজনে শৌচালায়ৰ টেংকীত লুকুৱাই ৰাখিছিল। নাবালিকা গৰাকীক মাতৃয়ে আত্মীয়ৰ ঘৰত থৈ যোৱাটোৱেই নাবালিকা গৰাকীৰ বাবে কাল হ’ল।

জানিব পৰা মতে নাবালিকা গৰাকী যোৱা ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। ২ মে’ৰ পুৱা নাবালিকা গৰাকীৰ টোপনি অহাত মাতৃয়ে বিহু অনুষ্ঠানৰ পৰা নাবালিকা গৰাকীক লৈ আনন তাঁতীৰ ঘৰত উপস্থিত হয়। নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰতে টোপনি যাবলৈ দি মাতৃ ঘৰলৈ ঘূৰি যায়। ইয়াৰ পিছত মাতৃয়ে নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰৰ পৰা আনিবলৈ যাওঁতে আনন তাঁতীয়ে নাবালিকা গৰাকী পুৱা ৭ মান বজাত ঘৰলৈ যোৱা বুলি মাতৃক জনায়।

ইয়াৰ পিছতে নাবালিকা গৰাকীৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰি আনন তাঁতীৰ শৌচালায়ৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। কাপোৰৰ টোপোলাৰ মাজত ভৰাই নাবালিকা গৰাকীৰ মৃতদেহ শৌচালায়ত লুকুৱাই ৰাখিছিল। ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছে অভিযুক্ত আনন তাঁতী।

শৌচালায়ৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাত নাবালিকা গৰাকীৰ পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। ইফালে এই জঘন্য ঘটনাই সমগ্ৰ অঞ্চলটোৰ লগতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মাৰ্ঘেৰিটাত ৰাইজে অতি শীঘ্ৰে আনন তাঁতীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে। উত্তেজিত ৰাইজে আনন তাঁতীৰ ঘৰ ভাঙি পেলাইছে।