নিউজ ডেস্ক, ৪ মে’ : পাঁচ দিনলৈ মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত চৰকাৰৰ (Five day mobile internet suspended)। ক্ৰমাৎ ভয়াৱহ হৈ পৰা আইন-শৃংখলা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ মণিপুৰ চৰকাৰে ৰাজ্যখনত অহা পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মণিপুৰৰ কেইবাখনো জিলাত ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু সন্ধিয়াৰ পৰাই সান্ধ্য আইন জাৰি কৰাৰ নিৰ্দেশ দিয়া হৈছে।

ৰাজ্যখনৰ ৰাজধানী ইম্ফলত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে। এতিয়ালৈকে কেইবাখনো জিলাৰ প্ৰশাসনে পৰৱৰ্তী জাননী নিদিয়ালৈকে সান্ধ্য আইন জাৰি কৰাৰ নিৰ্দেশ দিছে। উল্লেখ্য যে বুধবাৰে (৩ মে’) মণিপুৰৰ আটাইকেইখন পাহাৰীয়া জিলাৰ ছাত্ৰ সংগঠনে আহ্বান জনোৱা ‘জনজাতি সংহতি মাৰ্চ’ত হাজাৰ হাজাৰ লোক উপস্থিত হৈ মেইটেই সম্প্ৰদায়ক এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা জনায়। এই ‘জনজাতি সংহতি যাত্ৰা’ শান্তিপূৰ্ণ আছিল যদিও কিছমান ঠাইত হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি খবৰ ওলাইছে।

জানিব প্ৰতে মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ টুইবং তহচিল অঞ্চলৰ টৰবুং গাঁৱত পথৰ ওপৰত প্ৰতিবাদকাৰী সকলে টায়াৰ আৰু অন্যান্য সামগ্ৰী জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ পিছতে ৰাজ্যখনৰ আইন-শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰৰ গৃহ বিভাগৰ এখন পত্ৰযোগে ৰাজ্যখনত আহ পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে। পত্ৰখনত লিখা আছে, “কিছুমান অসামাজিক শক্তিয়ে জনসাধাৰণৰ আবেগক উচটনি দিয়া ছবি, ঘৃণামূলক ভাষণ আৰু ঘৃণামূলক ভিডিঅ’ বাৰ্তাৰ বাবে ছ’চিয়েল মিডিয়াক ব্যাপকভাৱে ব্যৱহাৰ কৰিছে। ছ’চিয়েল মিডিয়াও উৰাবাতৰিৰ বাবে এক সহজ আহিলা হৈ পৰিছে যাৰ ফলত মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতিৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে।”

একেখন পত্ৰতে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান চি ডাউংগেলে উল্লেখ কৰিছে যে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত পৰিস্থিতি উত্তেজনাপূৰ্ণ আৰু অস্থিৰ। আনহাতে, ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫৮ কিলোমিটাৰ নিলগত অৱস্থিত নগা প্ৰধান সেনাপতি জিলাত বজাৰসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লগতে পুৱা ১০ বজাৰ পৰা বিয়লি ১ বজালৈ ৰাজহুৱা পৰিবহণ বন্ধ ৰখা হয়। ‘জনজাতীয় সংহতি মাৰ্চ’ৰ সমৰ্থনত একেধৰণৰ ৰেলী চুৰাচান্দপুৰ, টেংগনৌপাল, চাণ্ডেল, কাংপোকপি, ননে আৰু উখৰুল আদি জিলাতো হোৱা পৰিলক্ষিত হয়। মেইটেইসকলে ম্যানমাৰী আৰু বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ ফলত অসুবিধাৰ সন্মুখীন হোৱাৰ দাবী জনাই আহিছে।

মণিপুৰৰ জনসংখ্যাৰ প্ৰায় ৫৩ শতাংশ মেইটেই সম্প্ৰদায়ৰ। ম্যানমাৰী আৰু বাংলাদেশীৰ অবৈধ অনুপ্ৰৱেশৰ ফলত বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই মেইটেইসকলে এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনাই আহিছে। আনহাতে, বৰ্তমানৰ আইন অনুসৰি পাহাৰীয়া অঞ্চল সমূহত মেইটেইসকলক বসতি স্থাপন কৰিবলৈ দিয়া হোৱা নাই। মেইটেইসকলে এছ টি শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বিৰোধিতা।কৰিছে আটাইকেইখন পাহাৰীয়া জিলাৰ ছাত্ৰ সংগঠনে।