গুৱাহাটী : মহানগৰী গুৱাহাটীত ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল দুখনকৈ বাহন। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ১৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

মহানগৰী গুৱাহাটীত লালমাটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। লালমাটিৰ এ কে মটৰ্চত নামৰ এখন গেৰেজত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

অগ্নিকাণ্ডৰ ফলত গেৰেজখন সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে গেৰেজখনত থকা দুখন বাহন জুইত জাহ যায়। এএছ-২৫-চিচি-২৪৪৮ নম্বৰৰ এখন মেজিক গাড়ী আৰু এএছ-১৩-এল-৭০৬৫
নম্বৰৰ স্কুটী এখন জুইত জাহ যায়। অগ্নিকাণ্ডত ১৫ লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

লালমাটিৰ অপূৰ্ব বৰুৱা নামৰ এজন লোকৰ মাটিত আছিল গেৰেজখন। অগ্নিকাণ্ডত ভস্মীভূত হোৱা গেৰেজখন আব্দুল কাদিৰ নামৰ এজন লোকৰ আছিল। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত জুই নিৰ্বাপন হয়। অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খন বাহনেৰে জুই নিৰ্বাপন কৰে।