গুৱাহাটী : অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৫ টা ভিন্ন হস্ততাঁত ক্লাষ্টাৰে শনিবাৰে গুৱাহাটীৰ শিপিনী সেৱা কেন্দ্ৰৰ সহযোগত ক’ভিডৰ প্ৰট’কল পালন কৰি ৭ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰে৷ গুৱাহাটীস্থিত শিপিনী সেৱা কেন্দ্ৰই নতুন দিল্লীত পুৱাৰ ভাগৰ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় পৰ্যায়ৰ অনুষ্ঠানটোত প্ৰথম অধিৱেশনত ভাৰ্চুৱেলী সংযোজিত হৈ এই দিৱস উদযাপন কৰে৷

দ্বিতীয় অধিৱেশনত গুৱাহাটীৰ শিপিনী সেৱা কেন্দ্ৰই তেওঁলোকৰ কাৰ্যালয়ৰ প্ৰাংগনত সীমিত সংখ্যক শিপিনী, প্ৰতিনিধি, ডিজাইনাৰ, বঁটা প্ৰাপক আৰু অন্যান্য অংশগ্ৰহণকাৰীসকলৰ উপস্থিতিত ৭ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰে৷ শিপিনী সেৱা কেন্দ্ৰৰ সঞ্চালক এছ বন্দোপাধ্যায়ে ভাৰত চৰকাৰৰ বয়ন মন্ত্ৰালয়ৰ পৃষ্ঠপোষকিত বিভিন্ন কল্যাণমূলক আঁচনি সম্পৰ্কে আলোকপাত কৰে৷
অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছয়গাঁৱৰ গ্ৰামীণ সাহাৰাৰ সম্পাদক শৰৎ চন্দ্ৰ দাস৷

অনুষ্ঠানটোত উপস্থিত বক্তাসকলে গ্ৰাম্য অৰ্থনীতি তথা নিয়োজন বৃদ্ধিৰ বাবে বিশেষ প্ৰয়োজনীয় উপাদান হিচাপে হস্ততাঁতৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে৷ অনুষ্ঠানটোত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিপিনী অঞ্জু বুঢ়াগোঁহাই আৰু অনুৰাধা কুলি পেগুক সম্বৰ্ধনা জনোৱা হয়৷

ইয়াৰোপৰি অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী গাঁও মহপাৰাতো গুৱাহাটীৰ শিপিনী সেৱা কেন্দ্ৰই এক পৃথক কাৰ্যসূচীৰ আয়োজন কৰে৷ অনুষ্ঠানটোত মহপাৰা গাঁৱৰ শিপিনীসকলক কেন্দ্ৰীয় বয়ন পীয়ুষ গোৱেলে মুকলি কৰা মহপাৰা হস্ততাঁত শিল্পগ্ৰাম, অসম বিষয়ৰ এখনি চুটি ছবিও প্ৰদৰ্শন কৰোৱা হয়৷

উল্লেখ্য, ৭ আগষ্ট ২০১৫ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইত প্ৰথম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ মুকলি কৰিছিল৷ এই দিনটোত হস্ততাঁত শিপিনীসকলক ক্ষেত্ৰটোলৈ আগবঢ়োৱা আৰ্থ-সামাজিক অৱদানৰ বাবে বিশেষভাৱে সন্মানিত কৰা হয়৷