বিশ্বনাথ : বিশ্বনাথত ভয়ংকৰ ঘটনা। বিশ্বনাথত পুত্ৰই হত্যা কৰিলে পিতৃক। সুৰাৰ ৰাগীত মাতাল পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰিলে পিতৃক। বিশ্বনাথৰ তৰাজুলিত সংঘটিত হৈছে এই হত্যাকাণ্ডৰ ঘটনা। হত্যাকাৰী পুত্ৰক আটক কৰিছে আৰক্ষীয়ে।

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী তৰাজুলিৰ এখন ভিতৰুৱা অঞ্চল টঙীয়া গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। টঙীয়া গাঁৱত এজন সুৰামত্ত পুত্ৰৰ প্ৰহাৰত মৃত্যু হয় পিতৃৰ। শুকুৰবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত সুৰামত্ত অৱস্থাত চোলে টেৰণ নামৰ যুৱকজন পিতৃ সিং টেৰণৰ লগত কাজিয়াত লিপ্ত হয়। কিছু সময়ৰ পিছত সুৰাৰ ৰাগীত চোলে টেৰণ পিতৃক খৰিৰ টুকুৰাৰে প্ৰহাৰ কৰি অচেতন কৰি পেলাই থয়৷

হাত আৰু ডিঙিত আঘাত পোৱা সিং টেৰণৰ শনিবাৰে পুৱা ৩:৩০ মান বজাত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে সদৰি কৰে। স্থানীয় গাঁওৰক্ষী বাহিনীয়ে ঘটনাৰ খবৰ পাই লগে লগে বালিচাং আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে হত্যাকাৰী চোলে টেৰণক আটক কৰে।