আজিজ আলী
মুকালমুৱা : শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি প্ৰদান কৰিলে বান সাহায্য। বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ মনোজ কুমাৰ মহন্তই নিজৰ গাঁঠিৰ ধন ভাঙি বানাক্ৰান্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে। বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বৰক্ষেত্ৰী সমষ্টিৰ ৰাইজক ক্ষতিপুনৰ দিয়াৰ বাবেও চৰকাৰক আহ্বান জনায় বিশিষ্ট শিক্ষাবিদ মনোজ কুমাৰ মহন্তই।

বৰক্ষেত্ৰীৰ বিশিষ্ট শিক্ষাবিদ তথা গুৱাহাটীস্থিত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তই দেওবাৰে নিজৰ গাঁঠিৰ ধন ভাঙি বান শিক্ষাবিদ মনোজ কুমাৰ মহন্তই গাঁঠিৰ ধন ভাঙি বান সাহায্য প্রদান কৰে। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ মহন্তই বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে।

বৰক্ষেত্ৰী সমষ্টিৰ বিভিন্ন সমস্যা সমাধানকল্পে সঘনাই সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা তথা সমষ্টিটোৰ ৰাইজৰ সুখে-দুখে সমভাগী হোৱা মনোজ কুমাৰ মহন্তক বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্তত বান সাহায্য বিতৰণৰ ক্ষেত্ৰতো দেওবাৰে সক্ৰিয় ৰূপত দেখিবলৈ পোৱা গ’ল। কেৱল দেওবাৰেই নহয়, নিজৰ কৰ্মব্যস্ত জীৱনৰ মাজতো ঢৌতে খৰ মাৰি যোৱা কিছুদিন ধৰি সমষ্টিটোৰ বান বিধ্বস্ত বিভিন্ন অঞ্চলত থকা আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ খবৰ লোৱাৰ লগতে বান সাহায্যও প্ৰদান কৰি আছে।