মৰিয়নী : মৰিয়নীত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। স্বামী-স্ত্ৰী আৰু কন্যাক অতি নৃশংসভাৱে হত্যা কৰা হৈছে মৰিয়নীত। অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ তিনিওৰে মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য।

যোৰহাট জিলাৰ মৰিয়নীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে। একেটা পৰিয়ালৰ তিনিজনক অতি নৃশংসভাৱে হত্যা কৰা হৈছে। স্বামী-স্ত্ৰী আৰু কন্যাক কোনো দুৰ্বৃত্তই নিশা ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰে।

পুৱাৰ ভাগত অৰ্ধনগ্ন অৱস্থাত তিনিওৰে মৃতদেহ উদ্ধাৰ হয়। মাতৃ আৰু কন্যাক দলবদ্ধ ধর্ষণ কৰি তিনিওকে নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। পৰিয়ালটো এটা ইটা ভাটাত ভাটা ৰখীয়া হিচাপে আছিল।

মৰিয়নীৰ খাটিচোনাৰ জীৱন লাহন নামৰ এজন লোকৰ ইটা ভাটাত ভাটাৰ ৰখীয়া হিচাপে থকা পৰিয়ালটো তেজপুৰৰ বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।