বোকাজান : বোকাজানৰ খটখটিত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন। এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনখিনি। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলোৱা চালকজনক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাকোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ মাফিয়া আৰু সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হৈছে। বিশেষকৈ কাৰ্বি আংলংগ আৰক্ষীয়ে এই ক্ষেত্রত লাভ কৰিছে কেইটাও বৃহৎ সাফল্য।

পুনৰবাৰ কাৰ্বি আংলংগ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই লাভ কৰিবলৈ সক্ষম হৈছে এক বৃহৎ সাফল্য। সোমবাৰে পুৱতি নিশা বোকাজানৰ খাটখটিত এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে বৃহৎ পৰিমাণৰ হেৰ’ইন। এখন ট্ৰাকত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে হেৰ’ইনখিনি।

এমজেদ-০৮-৩৫৪৬ নাম্বাৰ এখন ট্ৰাকত আৰক্ষীয়ে তালাচী চলাই ১১৫ টা পেকেটৰ পৰা জব্দ কৰে ১ কেজি ৬ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ মূল্য কেইবাকোটি টকা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ট্ৰাকখনৰ চালক আমিৰ হুছেইন আৰু হেণ্ডিমেন চালাও ৰহমানক গ্ৰেপ্তাৰ কৰিছে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে।

ড্ৰাগছ সৰবৰাহকাৰী দুজনে হেৰ’ইনখিনি মণিপুৰৰ পৰা বোকাজানলৈ সৰবৰাহ কৰি আনিছিল। আৰক্ষীয়ে ট্ৰাকখনৰ চালক আমিৰ হুছেইনক লগত লৈ হেৰ’ইনখিনি চমজাই দিয়া ঠাইলৈ তদন্ত চলাবলৈ যাওঁতে আমিৰ হুছেইন আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে আমিৰ হুছেইনৰ ভৰিত লক্ষ্য কৰি গুলী চালনা কৰে।