গুৱাহাটী : ট্ৰেফিক ছিগনেল (Traffic Signal) লাইটৰ খুটা ভঙা ডাম্পাৰৰ চালক আটক। মহানগৰ আৰক্ষীৰ অভিযানত আটক ট্ৰেফিক ছিগনেল লাইটৰ খুটা ভঙা ডাম্পাৰৰ চালক। ডাম্পাৰৰ চালকজনক আটক কৰাৰ লগতে আৰক্ষীয়ে জব্দ কৰিছে ট্ৰেফিক ছিগনেল লাইটৰ খুটা ভঙা ডাম্পাৰখন।

অৱশেষত মহানগৰ আৰক্ষীৰ অভিযানত আটক হ’ল ট্ৰেফিক ছিগনেল লাইটৰ খুটা ভঙা ডাম্পাৰৰ চালকজন। আৰক্ষীয়ে অভিযান চলাই ডাম্পাৰখনৰ চালক মহম্মদ ৰমজুল আলীক আটক কৰাৰ লগতে ডাম্পাৰখন জব্দ কৰে। মহানগৰ আৰক্ষীৰ যান বাহন শাখাই তদন্ত বাবে ডাম্পাৰখনৰ স্বত্বাধিকাৰী আজিজ আলীক তদন্তৰ বাবে।থানাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে সোমবাৰে নিশাৰ ভাগত মহানগৰীৰ ছায়মাইলৰ ভি আই পি পথত থকা এটা ট্রেফিক ছিগনেল লাইটৰ খুটা এখন ডাম্পাৰে খুন্দিয়াই ভাঙিছিল। নিশা ট্রেফিক আইন অমান্য কৰি ভুল পথেৰে আহি ডাম্পাৰখনে পিছফালৰ পৰা খুন্দা মাৰি ট্রেফিক ছিগনেল লাইটৰ খুটা ভাঙিছিল। এই সমগ্ৰ ঘটনা চি চি টিভি কেমেৰাত আৱদ্ধ হিছিল যদিও ডাম্পাৰখনৰ নম্বৰ চি চি টিভি কেমেৰাত আৱদ্ধ হোৱা নাছিল।

ডাম্পাৰখনৰ নম্বৰ চি চি টিভি কেমেৰাত আৱদ্ধ নোহোৱাৰ ফলত ডাম্পাৰখন চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী অসুবিধাৰ সন্মুখীন হৈছিল। পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত ডাম্পাৰখনৰ চালকজন জালত পৰে। মহানগৰীত এসপ্তাহ পূৰ্বৰ অত্যাধুনিক ট্ৰেফিক চিগনেল লাইটৰ ব্যৱস্থা কৰা হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসপ্তাহ পূৰ্বে অত্যাধুনিক ট্ৰেফিক চিগনেল লাইট ব্যৱস্থা উদ্বোধন কৰিছিল।

মহানগৰীৰ ট্ৰেফিক ব্যৱস্থাৰ উন্নতিকৰণ উদ্দেশ্যে কেইবাকোটি টকা ব্যয়ৰে স্মাৰ্ট চিটি আঁচনিৰ অধীনত এই অত্যাধুনিক ট্ৰেফিক চিগনেল লাইট ব্যৱস্থা কৰা হৈছে। প্ৰথম পৰ্যায়ত নেপালী মন্দিৰৰ পৰা খানাপাৰালৈ ২০ টাকৈ স্থানত এই অত্যাধুনিক ট্ৰেফিক চিগনেল লাইট ব্যৱস্থা কৰা হৈছে। যান বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ হোৱাৰ মাজতে নতুন ট্ৰেফিক ছিগনেল লাইটৰ খুটা ভাঙি পেলালে ডাম্পাৰে।