গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ : হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ।

শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজাক বাসন্তী দুৰ্গা পূজা আৰু আহিন অৰ্থাৎ শৰৎ কালৰ দুৰ্গা পূজাক শাৰদীয় দুৰ্গা পূজা নামে জনাজাত।

সমগ্ৰ দেশতে শাৰদীয় দুৰ্গা পূজাৰ উখল মাখল পৰিবেশ।
শুকুৰবাৰ অৰ্থাৎ আজি ষষ্ঠী। বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক। বেলবৰণৰ পিছতে বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাক। ঢাক, ঢোল, দবা, কাঁহ, শংখধ্বনি, উৰুলি তথা দেৱী বন্দনাৰে মুখৰিত হৈ পৰিব প্ৰতিখন পূজাথলী।

পঞ্জিকা অনুসৰি পুৱা ৯ বাজি ১৪ মিনিট ১৭ ছেকেণ্ডৰ ভিতৰত দেৱীৰ ষষ্ঠ্যাদি কল্পাৰম্ভ। সন্ধিয়া হ’ব দেৱী দুৰ্গাৰ আমন্ত্ৰণ আৰু অধিবাস। আজি কাত্যায়নী ৰূপত সমাপন কৰা হ’ব মহিষমৰ্দিনী দেৱী দুৰ্গাৰ পূজা।