গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ : স্বচ্ছ সৰ্বেক্ষণ ২০১৯ৰ ফলাফলত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয় পৰিষ্কাৰ চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে গুৱাহাটী মহানগৰীয়ে। বুধবাৰে ঘোষণা কৰা স্বচ্ছ সৰ্বেক্ষণৰ এক সমীক্ষাত এই কথা প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে স্বচ্ছ সৰ্বেক্ষণৰ জৰিয়তে সমগ্ৰ দেশজুৰি মহানগৰীসমূহৰ লগতে চহৰসমূহৰ পৰিষ্কাৰ-পৰিচন্নতা,স্বাস্থ্য তথা বিজ্ঞানসন্মত অনাময় ব্যৱস্থাৰ ওপৰত এক বছৰেকীয়া সমীক্ষা চলোৱা হয়।

স্বচ্ছ সৰ্বেক্ষণ ২০১৯ ৰ সমীক্ষা অনুসৰি মধ্যপ্ৰদেশৰ ইন্দোৰে ভাৰতৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্থান লাভ কৰিছে । ইন্দোৰৰ পিছতে দ্বিতীয় আৰু তৃতীয় পৰিষ্কাৰ চহৰৰ স্থানত আছে ক্ৰমে ছত্তীশগড়ৰ অম্বিকাপুৰ আৰু কৰ্ণাটকৰ মাইছোৰ।

ইফালে ৰাষ্ট্ৰীয় ভিত্তিত ৩০৩ স্থান দখলেৰে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত দ্বিতীয় পৰিষ্কাৰ চহৰৰ দ্বিতীয় স্থানত আছে গুৱাহাটী । ৩৪৩ স্থান লাভেৰে ইম্ফলে লাভ কৰিছে তৃতীয় পৰিষ্কাৰ চহৰ ।

ইয়াৰ বিপৰীতে দেশৰ মুঠ ৪২৫ খন চহৰৰ ভিতৰত আটাইতকৈ লেতেৰা চহৰ দ্বিতীয় স্থানত আছে ডিব্ৰুগড় আৰু শিলচৰে তৃতীয় স্থান লাভ কৰিছে ।