যোৰহাট, ২৪ অক্টোবৰঃ যোৰহাটৰ উন্নয়নৰ বাবে আৱণ্টিত আনটাইড ফাণ্ড কেলেংকাৰীৰ মূল অভিযুক্তৰ বিৰুদ্ধে চৰকাৰে প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত সোমবাৰৰ পৰা দুৰ্নীতি বিৰোধী যৌথ সংগ্ৰামী মঞ্চই আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে। উল্লেখ্য যে, যোৰহাটৰ উন্নয়নৰ বাবে বিভিন্ন শিতানৰ আৱন্টিত ২০০ কোটি টকা আৰু আনটাইড ফাণ্ডৰ ৫০ কোটি টকাৰ ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য কেগৰ প্ৰতিবেদনত ফদিল হোৱাৰ পিছত কেলেংকাৰীৰ গোচৰত অভিযুক্ত পাঁচজনকৈ বিষয়া, কৰ্মচাৰী, ঠিকাদাৰ জেলত থাকিবলগীয়া হোৱাৰ পাছতো একে গোচৰতে অভিযুক্ত যোৰহাটৰ পূৰ্বৰ উপায়ুক্তৰ ওপৰত প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে মঞ্চৰ কৰ্মকৰ্তাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত কেলেংকাৰীত জড়িত সোলাংকী বিশাল বসন্তৰ ওপৰত প্ৰশাসনিক আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে সোলাংকীৰ দুৰ্নীতিৰ তদন্তৰ ক্ষেত্ৰত শূন্য সহনশীলতা গ্ৰহণ কৰিবলৈ মঞ্চই চৰকাৰক আহ্বান জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীত আটাছু, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি প্ৰায় ৯টা সংগঠনে অংশগ্ৰহণ কৰে৷