মুকালমুৱা, ২১ জুলাইঃ মুকালমুৱা আৰক্ষী আৰু এটা সাংবাদিকৰ দলে মাজনিশা পৃথকে পৃথকে অভিযান চলাই ৮০ কুইন্টল চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়৷ প্ৰাপ্ত তথ্য অনুসৰি, মুকালমুৱা আৰক্ষী আৰু সাংবাদিকৰ দলে গোপন সূত্ৰৰ ভিত্তিত নিশা প্ৰায় ১২ বজাত অভিযান চলাই মুকালমুৱাৰ পেৰাধৰা ঘাটৰ পৰা চোৰাং চাউলখিনি জব্দ কৰিবলৈ সক্ষম হয়৷ পেৰাধৰা ঘাটৰ পৰা গোৱালপাৰাৰ এজন কলা ব্যৱসায়ীয়ে চাউলখিনি বৰক্ষেত্ৰীৰ কেইজনমান সমবায়ৰ এজেন্টৰ পৰা ক্ৰয় কৰি গোৱালপাৰালৈ নিয়াৰ প্ৰস্তুতি চলাওঁতে চোৰাং কাঠখিনি জব্দ কৰা হয়৷ গোৱালপাৰাৰ কেবাজনো কলা ব্যৱসায়ীয়ে বৰক্ষেত্ৰী এচাম অসাধু সমবায় এজেন্টৰ সৈতে মিলি দীৰ্ঘদিন ধৰি চোৰাং চাউলৰ ৰমৰমীয়া বেহা চলাই আহিছিল৷ দৰিদ্ৰতা সীমাৰেখাৰ তলৰ লোকৰ কাৰণে চৰকাৰে যোগান ধৰা চাউলৰ পৰা উচিত গ্ৰাহকক বঞ্চিত কৰি ভুৱা গ্ৰাহকৰ নামত এচাম অসাধু ব্যৱসায়ীয়ে এই কলা ব্যৱসায় চলাই আহিছিল৷ পেৰাধৰা ঘাটৰ পৰা ব্ৰহ্মপুত্ৰ নৈৰ মাজেৰে আৰক্ষী প্ৰশাসনৰ চকুত ধূলি দি প্ৰায়ে মাজনিশা চোৰাং সামগ্ৰী গোৱালপাৰালৈ নাৱেৰে পাৰাপাৰ কৰা হয়৷  মুকালমুৱা আৰক্ষীয়ে ঘটনাৰ লগত জড়িত চাৰিজনক আটক কৰিছে৷ আটকধীন চাৰিজন ক্ৰমে চহিদ আলী, ৰাছিদুল ইছলাম, নাজমুল হক, হাইবৰ আলী৷ চাৰিওজন গোৱালপাৰাৰ বুলি জানিব পৰা গৈছে৷