নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩ নৱেম্বৰ : সোণোৱাল নেতৃত্বাধীন শাসনত অতিষ্ঠ হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ মধ্যাহ্ন ভোজনৰ দায়িত্ব বেচৰকাৰী সংস্থাৰ হাতত গতাই দিয়াত আৰু এন জি অ’সমূহে মধ্যাহ্ন ভোজনৰ নামত শিশুক খাদ্যৰ নামত দিয়া অখাদ্যৰ ছবিয়ে জনসাধাৰণৰ চকু কপালত তুলিছে।

যাৰ বাবে দেওবাৰে দিনৰ এঘাৰ মান বজাত আলমগঞ্জ ট্ৰাইবেল এল পি স্কুলৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্ৰতিমূৰ্ত্তি দাহ কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে পৰ্বতঝোৰা জিলা এবিএমছু নামৰ ছাত্র সংগঠনে ।

প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য হুচিয়াৰ আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।