গুৱাহাটী, সংবাদ ৩৬৫, ৩ নৱেম্বৰ: ৰৌতা আৰু বিশ্বনাথ চাৰিআলিৰ পিছত গুৱাহাটী চিটী এফ চি চমুকৈ জিচিএফচিয়ে ইয়াৰ তৃতীয়খন ফুটবল স্কুল গুৱাহাটীত আৰম্ভ কৰিব ৷ গুৱাহাটীত হ’ব লগা এই প্ৰথমখন জিচিএফচি ফুটবল স্কুলৰ প্ৰশিক্ষণ হ’ব সৰুসজাইৰ নালাপাৰাত থকা ইন্টাৰেনচনেল স্কুলত ৷ এই স্কুলত ১৫ বছৰ পৰ্যন্ত শিশুক আধুনিক প্ৰশিক্ষণৰ লগতে প্ৰতিযোগিতামূলক খেলত অংশগ্ৰহণৰো সুযোগ দিয়া হ’ব বুলি জিচিএফচিৰ এটা বিবৃতিত প্ৰকাশ কৰে ৷ এই স্কুলৰপৰাই জিচিএফচি আৰু স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেণ্টে আয়োজন কৰা গ্ৰেটাৰ গুৱাহাটী বেবী লীগ (জিজিবিএল)ৰ বাবে জিচিএফচিৰ দল ‘জিচিএফচি ইউনিকৰ্নছ’ গঠন কৰা হ’ব ৷ উল্লেখ্য যে এই ফুটবল স্কুলসমূহৰপৰাই জিচিএফচিৰ প্ৰস্তাৱিত যুৱ একাডেমীৰ বাবে প্ৰতিভা সন্ধান কৰা হ’ব ৷ শিশুসকলক এএফচি আৰু এআইএফএফ লাইচেঞ্চপ্ৰাপ্ত প্ৰশিক্ষকে প্ৰশিক্ষণ আগবঢ়াব৷ আগ্ৰহী অভিভাৱকসকলে প্ৰশিক্ষক বিতোপন সোণোৱালক ৮৪৮৬১১৩৫৩৩ নামভৰ্তিৰ প্ৰ-পত্ৰ আৰু আন তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে ৷ প্ৰ-পত্ৰ নেহৰু ষ্টেডিয়ামত থকা চেম্পিয়ন্স ফুড ক’ৰ্টতো পোৱা যাব ৷