মানকাচৰ : মানকাচৰৰ মিৰজুমালা ঈদগাহত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায়। ১০ সহস্ৰাধিক লোকে নামাজ আদায় কৰি বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। ঈদ-উজ-জোহাৰ নামাজ আদায় কৰাৰ পিছতে ঘৰে ঘৰে পশু কোৰবাণী দি কোৰবাণী পৰ্ব সম্পন্ন কৰে।

দেওবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে পবিত্ৰ ঈদ-উজ-জোহা উদযাপন কৰে। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো উলহ মালহেৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে উদযাপন কৰে ঈদ-উজ-জোহা। নামনি অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰস্থিত ঐতিহাসিক মিৰজুমালা ঈদগাহত ১০ সহস্ৰাধিক লোকে ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ আদায় কৰে।

পুৱা ৮ বজাত অসম মেঘালয় সীমান্তবৰ্তী মানকাচৰৰ মিৰজুমালা মাজাৰ শ্বৰীফ ঈদগাহ মৈদানত ঈদ-উজ-জোহাৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। মানকাচৰৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম সংখ্যালঘূ বৰ্ডৰ অধ্যক্ষ জাবেদ ইছলামসহ প্ৰায় ১০ সহস্ৰাধিক লোক মিৰজুমালাৰ এই ঈদগাহ মৈদানত ঈদ-উজ-জোহাৰ নামাজ আদায় কৰে।

প্ৰায় ১০০ বছৰ ধৰি ঐতিহাসিক মিৰজুমালা ঈদগাহত মানকাচৰ ৰাইজে ঈদৰ সমূহীয়া নামাজ আদায় কৰি আহিছে। ঈদৰ নামাজ আদায়ৰ পিছতে ইছলাম ধৰ্মাৱলম্বী লোক সকলে বিশ্ব শান্তিৰ বাবে আল্লাহৰ ওচৰত দোৱা-প্ৰাৰ্থনা কৰে। নামাজৰ পিছত এজনে আনজনক আলিংগন কৰি ঈদ-উজ-জোহাৰ শুভেচ্ছা জ্ঞাপন কৰে।