কমলপুৰ : টাটা ডিআই ভেনত তালাচী চলাই জব্দ বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। বাহনখনৰ অতিৰিক্ত টায়াৰ, মিউজিক চিষ্টেমৰ ইস্পিকাৰ আৰু চিটৰ তলৰ পৰা ওলাল ৭ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ। কামৰূপ আৰক্ষীয়ে লাভ কৰিছে এই বৃহৎ সাফল্য। বাহনখনৰ চালকজনৰ পলায়ন।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ধাৰাবাহিক সাফল্য লাভ কৰি থকাৰ মাজতে কামৰূপ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী সফলতা সমূহত অনা এক বৃহৎ সফলতা সংযোজন কৰিলে কামৰূপ আৰক্ষীয়ে। কামৰূপ জিলাৰ কামলপুৰৰ বোৰ্কাত ড্ৰাগছ বিৰোধী অভিযান চলাই কামৰূপ আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই কামৰূপ আৰক্ষীয়ে বোৰ্কাত এখন ডিআই ভেনত তালাচী চলাই জব্দ কৰে ৭ কোটি টকা মূল্যৰ বিভিন্ন প্ৰকাৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ ভিতৰত আছে ১ কেজি হে’ৰইন, ৫ কেজি অপিয়ম আৰু ২ হাজাৰতকৈও অধিক নিচাযুক্ত টেবলেট। এএছ-০১-পিচি-১৬২৩ নম্বৰৰ টাটা ডিআই ভেনখনত অতি কৌশলেৰে ড্ৰাগছখিনি লুকুৱাই আনিছিল। আৰক্ষীৰ অভিযানৰ উমান পাই বাহনখন এৰি চালকজন পলায়ন কৰিবলৈ সক্ষম হয়।

বাহনখনত টেলিকম ডিউটি বুলি লিখা আছিল। বাহনখনৰ অতিৰিক্ত টায়াৰ, মিউজিক চিষ্টেমৰ ইস্পিকাৰ আৰু চিটৰ তলত লুকুৱাই আনিছিল বৃহৎ পৰিমাণৰ এই ড্ৰাগছখিনি। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত কামৰূপ আৰক্ষীৰ এটা বৃহৎ দলে এই ড্ৰাগছ বিৰোধী অভিযান চলিছিল।