গুৱাহাটী : গুৱাহাটীৰ মালিগাঁওস্থিত সঞ্জীৱনী চিকিৎসালয়ে যোৱা এবছৰত জ্যেষ্ঠ বন্ধ্যাত্ব পৰামৰ্শদাতা ডাঃ আশীষ ধিৰাচাৰিয়াৰ নিৰ্দেশনাত তেওঁলোকৰ আইভিএফ বিভাগত ব্যাপক সফলতা লাভ কৰিছে। সঞ্জীৱনী আইভিএফৰ প্ৰথম বাৰ্ষিকী উপলক্ষে, বহুতো সফল ৰোগীয়ে তেওঁলোকৰ জনকত্বৰ সপোন বাস্তৱত পৰিণত কৰাৰ বাবে ডাঃ আশীষ ধিৰাচাৰিয়াক শুভেচ্ছা আৰু ধন্যবাদ জনাবলৈ চিকিৎসালয়ত উপস্থিত হয়।

অনুষ্ঠানটোত ড০ আশীষ ধিৰাছাৰিয়াই কয়, “সঞ্জীৱনী চিকিৎসালয়ৰ আইভিএফ বিভাগৰ সফলতাৰ হাৰত মই সঁচাকৈয়ে আনন্দিত, বহুতো দম্পতীয়ে একাধিকবাৰ চিকিৎসা বিফলতাৰ পাছতো বৰ্তমান জনকত্বৰ সুখ উপভোগ কৰি আছে। আমি আমাৰ ৰোগী সকলৰ বাবে কম খৰচত সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ চিকিৎসা প্ৰদান কৰোঁ আৰু আমাৰ সফলতাৰ হাৰে আমি বহুতো পৰিয়ালক সুখ প্ৰদান কৰিবলৈ সক্ষম হৈছো”। ”২৫ জুলাইৰ দিনটো বিশ্ব আইভিএফ দিৱস হিচাপে পালন কৰা হয়।

আমি সুখী যে আমি অনুষ্ঠানটোৰ প্ৰতি ন্যায্যতা প্ৰদান কৰিবলৈ সক্ষম হৈছো আৰু প্ৰতি বছৰে কৰি যাম”, ড০ আশীষে লগতে কয়। সঞ্জীৱনী চিকিৎসালয়ে সমগ্ৰ উত্তৰ-পূব ভাৰতত আইভিএফ ৰোগীৰ চিকিৎসা প্ৰদান কৰাৰ লগতে হংকং, বাংলাদেশ আৰু পশ্চিম আফ্ৰিকাৰ কিছুসংখ্যক আন্তঃৰাষ্ট্ৰীয় ৰোগীকো চিকিৎসা সেৱা আগবঢ়াইছে।