নিউজ ডেস্ক : এইবাৰ বিপদত পৰিছে জনপ্ৰিয় মিমিক্ৰি শিল্পী শ্যাম ৰংগীলা (Shyam Rangila)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নকল কৰি বিপদত মিমিক্ৰি শিল্পী শ্যাম ৰংগীলা। বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগ জনপ্ৰিয় মিমিক্ৰি শিল্পী শ্যাম ৰংগীলাৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নকল কৰিবলৈ গৈ নীলগাইক খাদ্য খুৱাই ভিডিঅ’ বনাইছিল।

শ্যাম ৰংগীলা দেশৰ এগৰাকী জনপ্ৰিয় মিমিক্ৰি শিল্পী আৰু ইউটুবাৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ মিমিক্ৰিত অতিকৈ পাৰ্গত। অৱশ্যে শ্যাম ৰংগীলাই মিমিক্ৰি শিল্পী হিচাপে অধিক জনপ্ৰিয়তা লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মিমিক্ৰিৰ জৰিয়তে। শ্যাম ৰংগীলাই প্ৰধানমন্ত্ৰীৰ নকল কৰি ভিডিঅ’ বনাই ইউটুব চেনেলতো আপলোড কৰে।

শ্যাম ৰংগীলাৰ ইউটুবা চেনেলত প্ৰধানমন্ত্ৰীৰ নকল কৰা শ শ ভিডিঅ’ আছে। এইবাৰ কিন্তু প্ৰধানমন্ত্ৰীৰ নকল কৰি ভিডিঅ’ বনাই বিপদত পৰিছে শ্যাম ৰংগীলা। ৰাজস্থান বন বিভাগে জাননী জাৰি কৰি শ্যাম ৰংগীলাক চমন কৰিছে। নীলগাইক খাদ্য খুৱাই ভিডিঅ’ বনাই ইউটুবত আপলোড কৰাৰ অপৰাধত শ্যাম ৰংগীলাক ৰাজস্থান বন বিভাগে চমন কৰিছে। বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগত শ্যাম ৰংগীলাৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰে বন বিভাগে।

উল্লেখ্য যে শ্যাম ৰংগীলাই কিছুদিন পূৰ্বে ৰাজস্থানৰ জয়পুৰৰ ঝালনা বনাঞ্চললৈ গৈ নীলগাইক খাদ্য খুৱাই থকাৰ ভিডিঅ’ বনাই ভাইৰেল কৰিছিল। আচলতে শ্যাম ৰংগীলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জংঘল ছাফাৰীৰ অনুকৰণ কৰি এই ভিডিঅ’ বনাইছিল। জয়পুৰ আঞ্চলিক বন বিষয়া জেনেশ্বৰ চৌধুৰীয়ে কয় “১৩ এপ্ৰিলত শ্যাম ৰংগীলাই ইউটুব চেনেলত ঝলানা নাহৰফুটুকী সংৰক্ষিত বনাঞ্চলৰ এটা ভিডিঅ’ আপলোড কৰিছিল। এই ভিডিঅ’টোত শ্যাম ৰংগীলাই গাড়ীৰ পৰা নামি হাতেৰে বন্যপ্ৰাণী নীলগাইক খাদ্য খুৱাই থকা দেখা গৈছে। বন্যপ্ৰাণীক খাদ্য খুৱাই দিয়াটো বন আইন ১৯৫৩ আৰু বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ৰ বিধান উলংঘা।”

বন্যপ্ৰাণীক খাদ্য খুৱালে বন্যপ্ৰাণী বহু গুৰুত্বৰ ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, আনকি বন্যপ্ৰাণীৰ জীৱনও বিপদত পৰে। বন্যপ্ৰাণীক যাতে কোনোৱে খাদ্য খুৱাব নোৱাৰে ইয়াৰ বাবে ঝলানা বনাঞ্চলত সতৰ্কবাণী তথ্য বৰ্ডো স্থাপন কৰা হৈছে। ইয়াৰ পিছতো শ্যাম ৰংগীলাই নীলগাইক খাদ্য খুৱাই ভিডিঅ’ বনাই ইউটুবত আপলোড কৰিছিল। উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নকল কৰি বিখ্যাত হৈ পৰা মিমিক্ৰি শিল্পী শ্যাম ৰংগীলা পূৰ্বেও কেইবাবাৰো ভিডিঅ’ বনাই বিতৰ্কৰ মাজত সোমাই পৰিছিল।