কলগাছিয়া, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ : কলগাছিয়াৰ ছনপুৰা হাজী পাৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বাংগালোৰৰ আল আমিন ইডুকেশ্বন ছোছাইটীৰ উদ্যোগত আৰু কলগাছিয়া আল আমিন ন্যাস পূজিৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়।

উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত এলেকাটোৰ বিভিন্ন ৰোগত আক্ৰান্ত কেইবা শতাধিক লোক উপস্থিত হয়। চিকিৎসা শিবিৰ অনুষ্ঠানটোত কলগাছিয়া শাখাৰ আল আমিন ন্যাস পুঁজিৰ সভাপতি এম মোজাম্মিল হুছেইন, সম্পাদক ইছমাইল হুছেইন আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক ছোৰমান আলী প্ৰমুখ্যে কেবাজন লোক উপস্থিত থাকে।