গুৱাহাটী, সংবাদ ৩৬৫, ৩১ অক্টোবৰ : ৪ নৱেম্বৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব বৈদ্যুতিন বাছ। গুৱাহাটীৰ জালুকবাৰীস্থিত হোটেল ৰেডিশ্যন ব্লুত অনুষ্ঠিত হোৱা এক উত্তৰ-পূব বৈদ্যুতিন ম’বিলিটি সমাৰোহত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টই এই কথা অনুষ্ঠানিকভাৱে ঘোষণা কৰে।

উল্লেখযোগ্য যে ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণৰ হেতু এনে পদক্ষেপ লৈছে পৰিবহন বিভাগে। পৰীক্ষামূলকভাৱে ১৫ খন বাছেৰে আৰম্ভ কৰিব এই যাত্ৰা। প্ৰদূষণ নিয়ন্ত্ৰণত সফল হ’লে
বৃদ্ধি কৰা হব বাছৰ সংখ্যা।

উক্ত সমাৰোহত উপস্থিত থাকে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, নীতি আয়োগৰ মিছন ডাইৰেক্ট অনিল শ্ৰীবাস্তৱ, উপাধ্যক্ষ হৰিচৰণ বড়ো, পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি।