গুৱাহাটী পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ৩১ অক্টোবৰ : ৫৮ বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীগৰাকীক ৫৮ বছৰীয়া জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে শুভাকাংক্ষী, ৰাজনীতিবিদে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীক।

১৯৬২ চনত জন্ম লাভ কৰা সৰ্বানন্দ সোণোৱালৰ ঘৰ ডিব্ৰুগড় জিলাৰ দিনজানত।

মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই মুখ্যমন্ত্ৰীগৰাকী সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত আছিল ১৯৯২চনৰ পৰা ১৯৯৯ চনলৈ প্ৰায় ৮ বছৰ কাল সন্থাৰ সভাপতিৰ দায়িত্ব বহন কৰিছিল। ইয়াৰোপৰি তেখেত ১৯৯৪চনৰ পৰা ২০০৪ চনলৈ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদতো অধিষ্ঠিত থাকে ।

১৯৯৯ চনত সৰ্বানন্দ সোণোৱালে অসম গণ পৰিষদ দলত যোগদান কৰে । তেখেতে ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ডিব্ৰুগড় সমষ্টিৰ সাংসদ হিচাপেও কাৰ্যনিবাহ কৰিছিল।

পাছত ২০১১ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে আৰু ২০১২ চনত ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিৰ পদত অধিষ্ঠিত হয়।

ইয়াৰ পাছত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত মাজুলী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱৰ্তীৰ্ণ হৈ প্ৰতিদ্বন্দী ৰাজীৱ লোচন পেগুক পৰাস্ত কৰে আৰু এই বিজয়ৰ দ্বাৰা তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ পদভাৰ গ্ৰহণ কৰে৷

সংবাদ ৩৬৫ৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰী গৰাকীলৈ ওপজা দিনৰ অলেখ শুভকামনা ।