সোণতলী : দক্ষিণ কামৰূপৰ সোণতলীত ভূমি কেন্দ্ৰীক সংঘাত। ভূমি কেন্দ্ৰিক সংঘাতে ৰূপ ললে ভয়ংকৰ মাৰপিটৰ। দুই ফৈদৰ মাজত হোৱা মাৰপিট নিহত হয় ৩ জনকৈ লোক। ২ জন লোক থিতাতে নিহত হোৱাৰ পৰিবৰ্তে ১ জন লোকৰ চিকিৎসালয়ত মৃত্যু ঘটে। ২২ জনকৈ লোক আহত হৈছে।

ভূমি কেন্দ্ৰিক সংঘাতৰ এক ভয়ংকৰ পৰিণতি। দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত সোণতলীত ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত ৩ জনকৈ লোকে প্ৰাণ হেৰুৱাইছে। দুই ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘাতৰ ফলত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত ২ লোক থিতাতে নিহত হোৱাৰ লগতে ১ জন লোক চিকিৎসালয়ত মৃত্যুৰ মুখত পৰে।

নুৰ মহম্মদ, আলী আকবৰ আৰু নুৰুল হক নামত তিনি জন লোক নিহত হয় মাৰপিটৰ ঘটনাত। সোণতলীৰ কিছমত কাঠমিত সংঘটিত হয় এই ভয়ংকৰ মাৰপিটৰ ঘটনা। এডোখৰ ভূমিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘটিত হৈছিল মাৰপিট। লোৰ ৰডেৰে মৰিয়াই মৰিয়াই হত্যা কৰা হয় দুজন লোকক। এই মাৰপিটৰ ঘটনাত আহত হৈছে ২২ জনকৈ লোক।

কিছমত কাঠমি গাঁৱৰ কুৰবান আলী আৰু আলী আকবৰ নামৰ লোক দুজনৰ মাজত এডোখৰ ভূমিক কেন্দ্ৰ কৰি সৃষ্টি হয় সংঘাত। ইয়াৰ পিছতে দুয়োজনৰ ফৈদৰ মাজত মাৰপিট আৰম্ভ হয়। মাৰপিটৰ ঘটনাত ২ জন লোক থিতাতে নিহত হোৱাৰ লগতে ১ জনৰ চিকিৎসালয়ত মৃত্যু ঘটে। আহত ২২ জন লোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

এই ঘটনাক লৈ সমগ্ৰ সোণতলী অঞ্চলত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মাৰপিটত জড়িত থকাৰ সন্দেহত ৰাইজে জ্বলাই দিয়ে কুৰপান আলী, হেলাস আলী, ফটিক আলী, ফজৰ আলী, তাহাজ উদ্দিনৰ ঘৰ৷ ছয়টাকৈ ঘৰ জ্বলাই দিয়ে উত্তেজিত ৰাইজে। এখন মটৰ চাইকেলতো অগ্নি সংযোগ কৰে উত্তেজিত ৰাইজে। ঘটনাস্থলীত বকো আৰক্ষীৰ উপস্থিতি হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।