শদিয়া, ৩ মে’ : ৰাজ্যত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। নদীৰ বুকুত ডুব গ’ল যন্ত্ৰচলিত নাও (Enginee boat capsize)। যাত্ৰীসহ নাওখনত আছিল কেইবাখনো বাহন। দুখন চাৰিচকীয়া বাহন নদীত উটি যায়। দুজন যাত্ৰী সন্ধানহীন হোৱাৰ সন্দেহ। উদ্ধাৰকাৰী দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ৰাজ্যত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ নাও দুৰ্ঘটনা। পুনৰ দুৰ্ঘটনাত পতিত হৈছে যন্তচালিত নাও। নদীৰ এটা পাৰৰ পৰা আন এটা পাৰলৈ যাত্ৰী লৈ আহি থকা অৱস্থাতে নদীৰ মাজত ডুব যায় যন্ত্ৰচালিত নাওখন। এই ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে তিনচুকীয়া জিলাত শদিয়াত। শদিয়াৰ অমৰপুৰৰ দিবাং নদীত এটা পাৰৰ পৰা আন এটা পাৰলৈ যাত্ৰী লৈ আহি থকা যাত্ৰীবাহী যন্ত্ৰচালিত নাও হঠাৎ নদীত ডুব যায়।

দিবাং নদীৰ বুকুত ডুব যোৱা নাওখনত শিশুসহ ৩০ জনতকৈও অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। যাত্ৰীসহ নাওখনত কেইবাখনো বাহনো আছিল। অমৰপুৰ পাৰঘাট পোৱাৰ পূৰ্বে হঠাৎ নদীত নাওখন ডুব যোৱাত দুখন চাৰিচকীয়া বাহন নদীত উটি যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে। ইফালে নাওখন আধালৈ নদীত ডুব যোৱাত যাত্ৰীসকল আবদ্ধ হৈ পৰে।

যাত্ৰী সকল আতংকিত হৈ নিজৰল নিজৰ প্ৰাণ ৰক্ষাৰ চেষ্টা চলায়। ইয়াৰ মাজতে দুজন যাত্ৰী নদীৰ বুকুত সন্ধানহীন হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। নাওখন ৩০ জনতকৈও অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। দুখন চাৰিচকীয়া বাহনৰ লগতে কেইবাখনো দুচকীয়া বাহনো নদীত উটি যোৱাৰ সন্দেহ।

দুর্ঘটনাত প্ৰকৃতি কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও একাংশ প্ৰত্যক্ষদৰ্শীৰ মতে পানীৰ তলত থকা গছৰ মুঢ়াত নাওখনে খুন্দা মৰাৰ ফলত নাওখন নদীত ডুব যায়। উদ্ধাৰ অভিযান সম্পৰ্কে বর্তমানলৈকে সবিশেষ জানিব পৰা হোৱা নাই।