শিৱসাগৰ : মুকলি আকাশৰ তললৈ অহা নহ’ল শৃংখল চলিহাৰ। পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল শৃংখল চলিহাক (Srinkhal chalika arrested)। কাৰাগাৰৰ পৰা ওলাবলৈ লোৱাৰ সময়তে পুনৰ গ্ৰেপ্তাৰ কৰা হয় শৃংখল চলিহাক। ধন দাবীৰ অভিযোগত মঙলবাৰে পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। আদালতে জামিন মঞ্জুৰ কৰিছিল যদিও নিশা ন্যায়িক জিম্মাতে আছিল বীৰ লাচিত সেনাৰ নেতাজন।

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক পুনৰ গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে। বুধবাৰে শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা ওলাই অহাৰ সময়তে আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক। জানিব পৰা মতে পুৰণি গোচৰত পুনৰ আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছে। শিৱসাগৰৰ এজন ব্যৱসায়ীয়ে সোমবাৰে (১ মে’) বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

ব্যৱসায়ীজনৰ গোচৰৰ ভিত্তিত মঙলবাৰে (২ মে’) পুৱাৰ ভাগত আৰক্ষীয়ে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিছিল। পুৱাৰ ভাগত নিজ বাসগৃহৰ পৰাই শৃংখল চলিহাক শিৱসাগৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰৰ পিছতে আদালতত হাজিৰ কৰা হৈছিল বীৰ লাচিত সেনাৰ নেতাগৰাকীক। আদালতে শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰিছিল। অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ১৫ হাজাৰ টকাৰ বেল ব’ণ্ডত শৃংখল চলিহাৰ জামিন মঞ্জুৰ কৰিছিল।

অৱশ্যে আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতো মঙলবাৰে নিশা ন্যায়িক জিম্মাতে থাকিব লগীয়া হৈছিল শৃংখল চলিহা। মঙলবাৰে বেল ব’ণ্ড জমা কৰিব নোৱাৰাৰ বাবে শৃংখল চলিহা নিশা ন্যায়িক জিম্মাত থাকিব লগীয়া হৈছিল।আদালতৰ সময় পাৰ হোৱাৰ বাবে মঙলবাৰে ১৫ হাজাৰ টকাৰ বে’ল ব’ণ্ড জমা দিয়া হোৱা নাছিল। বুধবাৰে (৩ মে’) বেল বণ্ড জমা দিয়াৰ পিছত কাৰাগৰৰ পৰা ওলাই অহাৰ সময়তে পুনৰ আৰক্ষীয়ে পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰে শৃংখল চলিহাক।

উল্লেখ্য যে যোৱা ২৮ এপ্ৰিল তাৰিখে সংস্কৃতিক অনুষ্ঠানৰ নামত চান্দা বিচাৰি শিৱসাগৰৰ মাণিক চান্দ কেডিয়া নামৰ এজন ব্যৱসায়ীৰ প্ৰতিষ্ঠানত উপস্থিত হৈছিল শৃংখল চলিহা। চান্দাকলৈ দুয়োৰে মাজত কথা কটাকাটি হৈছিল আৰু শৃংখল চলিহাই ব্যৱসায়ীজনৰ মুখত থুৱাই দিছিল। এই সমগ্ৰ ঘটনা বন্দী হৈছিল কেমেৰাত। ইয়াৰ পিছতে ব্যৱসায়ীজনে শৃংখল চলিহাৰ বিৰুদ্ধে শিৱসাগৰ সদৰ থানাত গোচৰ ৰুজু কৰিছিল।