দক্ষিণ শালমাৰা : এখন বিদ্যালয়ৰ প্ৰতি আহি পৰিছে তীব্ৰ ভাবুকি। বিদ্যালয়খনৰ চাৰি শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত এতিয়া অন্ধকাৰৰ দিশে। দক্ষিণ শালমাৰাৰ মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াই বিপদ মাতিছে চাৰি শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যতলৈ। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি ভাঙিব লগীয়া হ’ল চতলাৰপাৰ চৰকাৰী এম ই স্কুলৰ পাঁচটাকৈ গৃহ।

বিগত কিছুদিন ধৰি দক্ষিণ শালমাৰাৰ মাটিফাটা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ দেখি বিগত দুটা মাহৰ ভিতৰত প্ৰায় পাঁচ শতাধিক পৰিয়ালে স্থানান্তৰ কৰিবলগীয়া হৈছে ঘৰ-দুৱাৰ। ইফালে যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ট বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়াৰ ভয়াবহতা অধিক বৃদ্ধি পাইছে।

গাওঁখনৰ নৈ পৰিয়া সাধাৰণ লোক ঘৰ-দুৱাৰৰ লগতে গৰাখহনীয়াৰ কবলত পৰিছে চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান। ১৯৬০ চনত স্থাপন কৰা চতলাৰপাৰ এম ই স্কুলখন ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰাত বিদ্যালয়খনৰ চাৰি শতাধিক শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। গৰাখহনীয়াৰ কবলত পৰাৰ বাবেই ইতিমধ্যে বিদ্যালয়খনৰ গৃহ ভাঙিবলগীয়া হৈছে। বৰ্তমানলৈকে বিদ্যালয়খনৰ দুটাকৈ টিনৰ গৃহ ভঙাৰ লগতে তিনিটাকৈ পকী গৃহ ভাঙি পোলোৱা হৈছে।

বিগত প্ৰায় চাৰি মাহ পূৰ্বে বিদ্যালয়খনত প্ৰায় চাৰি শতাধিক শিক্ষাৰ্থী আছিল। কিন্তু গৰাখহনীয়াৰ কবলত পৰি গাওঁখনৰ পৰা দুৰ-দুৰলৈ লোক সকলে ঘৰ-দুৱাৰ স্থানান্তৰ কৰাত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। অৱশ্যে এতিয়াও প্ৰায় আঢ়ৈ শতাধিক ছাত্ৰ-ছাত্রী বিদ্যালয়খনত প্ৰতিদিনে অধ্যনৰ বাবে উপস্থিত হয়। কিন্তু গৰাখহনীয়াৰ কবলত পৰা বিদ্যালয়খনৰ গৃহ ভাঙিব লগীয়া হোৱাত শিক্ষাৰ্থী সকলৰ পাঠদানকলৈ শিক্ষক আৰু শিক্ষাৰ্থী সকলৰ অভিভাৱক সকল চিন্তিত হৈ পৰিছে।

ইফালে গৰাখহনীয়াৰ কবলত পৰি গৃহ ভাঙিবলগীয়া হোৱা বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ বিদ্যালয়ৰ নামত নাই ভূমি। ফলত বিদ্যালয়খনৰ কৰ্তৃপক্ষই চিন্তিত হৈ পৰিছে। অঞ্চলটোৰ এক বৃহৎ শিক্ষানুষ্ঠানত চতলাৰপাৰ এম ই স্কুলত মুঠ দহটাকৈ গৃহ আছে। ইয়াৰে চাৰিটা গৃহ পকী হোৱাৰ লগতে আন ৬ টা গৃহ টিনপাতৰ। ইয়াৰে তিনিটাকৈ পকী গৃহ ভাঙি পেলোৱাৰ লগতে দুটাকৈ টিনৰ গৃহ ভাঙি সামগ্ৰী সমূহ জমা কৰি ৰখা হৈছে।