জোনমণি বেগম

বিশ্বনাথ : নিমাতিঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাত সন্ধানহীন হৈ থকা দুজন লোকৰ ভিতৰত এজন লোকৰ মৃতদেহ শনিবাৰে পুৱাৰ ভাগত উদ্ধাৰ হয়। মৃতদেহ উদ্ধাৰ হোৱা লোকজন ইন্দ্ৰেশ্বৰ বৰা বুলি চিনাক্ত কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ।

বিশ্বনাথ ঘাটৰ কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ ভাছাতাপুতত ব্ৰহ্মপুত্ৰৰ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয় ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ। পুৱাৰ ভাগত ভাছাতাপুতত ব্ৰহ্মপুত্ৰৰ পানীত মৃতদেহ এটা ওপঙি থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে এই মৃতদেহটো নিমাতিঘাটত ফেৰী দুর্ঘটনাত সন্ধানহীন হৈ থকা লোক দুজনৰ ভিতৰত এজনৰ হ’ব বুলি সন্দেহ কৰা হৈছিল।

পিছত উদ্ধাৰ হোৱা মৃতদেহটোৰ পেন্টৰ জেৰৰ পৰা পান কাৰ্ড, এটিএম কাৰ্ডৰ পৰা মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হয়। মৃতদেহটোৰ আঙুলিত থকা আঙুঠিৰ পৰা পৰিয়ালৰ লোকে মৃতদহেটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি নিশ্চিত কৰে। উল্লেখ্য যে শুকুৰবাৰে বিশ্বনাথ ঘাটত মাছ মাৰিবলৈ যোৱা দুজন লোকে ব্ৰহ্মপুত্ৰ নদীত ওপঙি আহি থকা অৱস্থাত এখন বেগ উদ্ধাৰ কৰিছিল।

উক্ত বেগখনৰ পৰা ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰাৰ পৰিচয় পত্ৰ উদ্ধাৰ হৈছিল। উল্লেখ্য যে বুধবাৰে নিমাতিঘাটত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত দুখন ফেৰীৰ সংঘৰ্ষত পৰীমিতা দাস নামৰ এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ লগতে দুজন লোক ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈছিল। ফেৰী দুর্ঘটনাৰ ব্ৰহ্মপুত্ৰ নদীত পৰি যোৱা ৮৭ জনকৈ লোক জীৱন্তে উদ্ধাৰ হৈছিল।