গুৱাহাটী : উত্তৰ-পূবত কলা আৰু কাৰুকাৰ্য শিল্প সামগ্ৰীৰ এক্সক্লুচিভ শ্ব’ৰুম “পেঞ্চিল” দেওবাৰে গুৱাহাটীৰ ভঙাগড়ৰ হাব মলত মুকলি কৰা হয়। শ্ব’ৰুমটো উদ্বোধন কৰে ৰয়েল গ্লোবেল স্কুলৰ অধ্যক্ষা অনুভা গোৱেল আৰু বিশিষ্ট শিল্পী ৱাহিদা আহমেদে। দুয়োজন অতিথিয়ে প্ৰতিষ্ঠাপক আৰু বিপনিৰ গৰাকী নুপুৰ আগৰৱালা আৰু মনীষা মোৰৰ উপস্থিতিত বন্তি প্ৰজ্বলনৰে শ্ব’ৰুমটো উদ্বোধন কৰে।

এইটো এটা সম্পূর্ণ মহিলা উদ্যোগ। অনুষ্ঠানটোত বক্তব্য ৰাখি গোৱেলে কয় “পেঞ্চিল” নামটোৱে নিজেই এই শ্ব’ৰুমটোৰ স্বকীয়তা বৰ্ণনা কৰিছে। এই শ্ব’ৰুমটোৱে এজন ব্যৱসায়ীৰ পৰা এজন শিক্ষাৰ্থীৰ প্ৰতিটো প্ৰয়োজনীয়তা পূৰ্ণ কৰিব পাৰিবা। অনুষ্ঠানটোত ভাষণ দি ৱাহিদা আহমেদে কয় যে এগৰাকী শিল্পী হিচাপে আমি সদায় কেঁচা সামগ্রী ক্রয় কৰিব লাগিব আৰু কলা আৰু শিল্পৰ বাবে সামগ্রী ক্রয় কৰিবলৈ বিভিন্ন অঞ্চলৰ এখন দোকানৰ পৰা আন এখন দোকানলৈ যোৱাটো আমাৰ বাবে অতি কঠিন।

ম‍ই ইমান সুখী যে দুগৰাকী যুৱ আৰু গতিশীল মহিলাই “পেঞ্চিল” নামৰ এটা সম্পূৰ্ণ নতুন ধাৰণা লৈ আহিছে, য’ত আমি আমাৰ কামৰ সৈতে সম্পর্কিত সকলোবোৰ এটা চাদৰ তলত ক্ৰয় কৰিব পাৰিম বুলিও কয় ৱাহিদা আহমেদে। সকলো কলা আৰু শিল্পৰ প্ৰয়োজনীয়তাৰ বাবে এনে এক-ষ্টপ-শ্বপৰ ধাৰণাটো নুপুৰ আগৰৱালা আৰু মনীষা মোৰে প্ৰতিষ্ঠা আৰু মালিকানাধীন। উদ্বোধনৰ সময়ত নুপুৰ আগৰৱালাই পেঞ্চিল শ্ব’ৰুমটোৰ সন্দৰ্ভত কয় যে আমাৰ ওচৰত ফ্লুইড আর্ট, ফেব্রিক আর্ট, ডিকোপেজ, ৰেজিন আৰ্ট, মেক্রেম, স্কেচিং, ইংক আর্ট, মিক্স মিডিয়া, ডাই কাট, মিনিয়েচাৰ, মাণ্ডালে, পেইণ্টিং, ক্রাটিং, স্কুল আৰু অফিচ ষ্টেচনেৰী আৰু বহুতো আৰ্ট ফৰ্মৰ বাবে ঘৰুৱা সামগ্ৰী আছে।

চমুকৈ আমাৰ ওচৰত কলা আৰু কাৰুশিল্পৰ সৈতে সম্পর্কিত সকলো আছে। আনহাতে, মনীষা মোৰে কয় যে শ্ব’ৰুমটোৱে সময়ে সময়ে শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে বিশেষ কলা আৰু ক্ৰাফ্ট শ্রেণীও হাতত ল’ব। এই শ্ব’ৰুমে কেৱল উদীয়মান শিল্পীসকলক অনুপ্রাণিত নকৰে, লগতে গুৱাহাটীত এনে সকলো সামগ্ৰীৰ উপলব্ধতা উন্নত কৰিব। তেওঁ লগতে কয় যে দোকানখন পৰিদৰ্শন কৰা সকলো অতিথি আৰু শিল্পীয়ে ৰখা সামগ্ৰীৰ পৰিসৰৰ প্ৰশংসা কৰিছে আৰু ইয়াক শিল্পীৰ স্বৰ্গ বুলি অভিহিত কৰিছে।