গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি, গুৱাহাটী আৰু মিছন পীচৰ সহযোগত এক ব্যতিক্ৰমী আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস পালন কৰা হয়। বাটৰ নাট প্ৰদৰ্শন কৰি ৰাইজৰ মাজত ড্ৰাগছৰ ভয়াবহতা সম্পৰ্কে সজাগতা সৃষ্টিৰ প্ৰচেষ্টা চলোৱা হয়।

ড্ৰাগছ সেৱন আৰু ড্ৰাগছ সৰবৰাহ বিৰোধী দিৱস উপলক্ষে দেওবাৰ মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত সজাগতাৰ হকে ড্ৰাগছৰ লগতে বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ ৰচনা আৰু পৰিচালনাৰে “সংস্কাৰ” নামেৰে এখন বাটৰ নাট প্ৰদৰ্শন কৰাৰ লগতে এলানি পথ সভাও অনুষ্ঠিত কৰা হয়। মহানগৰীৰ দহটা ভিন্ন স্থানত উক্ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

উক্ত অনুষ্ঠানৰ জৰীয়তে ব্ৰাদাৰ্ছ আৰু অনুব্ৰতৰ সদস্য সকলে উপস্থিত ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে, কেনেকৈ ড্ৰাগছ গ্ৰহণকাৰীক পুনৰ জীৱন দিব পাৰি, কেনেকৈ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ সহযোগত বাধা দিব পাৰি, এই সন্দৰ্ভত অন্ধবিশ্বাস বিৰোধী আৰু ড্ৰাগছ বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্ম্মী ডঃ দিব্যজ্যোতি শইকীয়াই পথ সভাত বিৱৰী কয়।