জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথত সুৰেৰে আবিৰ সনা সন্ধিয়া। বিশ্বনাথৰ চেনীৰাম দাস শিশু উদ্যানত বুধবাৰে অনুষ্ঠিত কৰা হয় ‘সুৰেৰে আবিৰ সনা সন্ধিয়া’ নামেৰে এক ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানটিত অংশ গ্ৰহণ কৰে আন্তৰ্জাতিক বাঁহী বাদক দীপক শৰ্মা আৰু প্ৰখ্যাত সন্তৰ বাদক পংকজ শৰ্মা।

বুধবাৰে সন্ধিয়া এক ব্যতিক্ৰমী সুৰৰ মুৰ্চনাৰে শ্রোতাক মন্ত্ৰ মুগ্ধ কৰি তোলে আন্তৰ্জাতিক বাঁহী বাদক দীপক শৰ্মাৰ বাঁহী আৰু প্ৰখ্যাত সন্তুৰ বাদক পংকজ শৰ্মাই। পুনৰ নিৰ্মান কৰা চেনিৰাম দাস শিশু উদ্যানত এক নৈসৰ্গিক পৰিৱেশত সন্ধিয়াটো জীপাল কৰি তোলে সন্তুৰ আৰু বাঁহীৰ সমলয়ত। বিশ্বনাথ জিলা প্ৰশানৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটো।

এই অনুষ্ঠানত মহৰ্ষি বিদ্যাপীঠৰ মঙলাচৰণৰ পিছত জ্যেষ্ঠ শিল্পী উত্তম ৰাজবংশীয়ে বাঁহী বাদনৰে সকলোকে আহ্লাদিত কৰি তোলে। ইয়াৰ পিছতে গীত পৰিবেশন কৰে শিৰুমণি খ্যাত কণ্ঠশিল্পী মানস ভাগৱতীয়ে। চঞ্চলা ফাগুনৰ নানাৰঙী আবিৰ সনা এটি সন্ধিয়া বাঁহী আৰু সন্তুৰৰ সুৰেৰে সজাৱলৈ প্ৰয়াস কৰিছিল বিশ্বনাথ জিলা প্রশাসনে।

আন্তৰ্জাতিক বাঁহী বাদক দীপক শৰ্মাৰ বাঁহী আৰু প্ৰখ্যাত সন্তুৰ বাদক পংকজ শৰ্মাৰ সন্তুৰৰ সুৰৰ মূৰ্চ্ছনাৰ লগতে তবলা বাদক ভাবিৰাম বড়োৰ তবলা বাদনৰে সজোৱা সন্ধিয়াটোত মন্ত্ৰ মুগ্ধ হৈ ৰয় শ্ৰোতা। বিশ্বনাথ জিলা প্ৰশাসন আৰু বিশ্বনাথ চাৰিআলি পৌৰসভাৰ সৌজন্যত বিশ্বনাথৰ চেনীৰাম দাস শিশু উদ্যানত সুৰে ৰঙে জীপাল কৰি তোলা হয় বুধবাৰৰ সন্ধিয়াটো।