আজিজ আলী

মুকালমুৱা : মুকালমুৱাত এখন চৰকাৰী বিদ্যালয়ত ৰহস্যজনক অগ্নিকাণ্ড। মুকালমুৱাৰ নাৰায়ণপুৰ হাইস্কুলত সংঘটিত হয় ৰহস্যজনক অগ্নিকাণ্ড। বিদ্যালয়খনৰ ষ্টোৰ ৰুমত সংঘটিত হোৱা অগ্নিকাণ্ডত ষ্টোৰ ৰুমত থকা সা-সামগ্ৰী জুইত জাহ যায়।

নলবাৰী জিলাৰ মুকালমুৱাৰ নাৰায়ণপুৰস্থিত নাৰায়ণপুৰ হাইস্কুলত বৃহস্পতিবাৰে এক ৰহস্যজনক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত নাৰায়ণপুৰ হাইস্কুলৰ এটি ষ্টোৰ ৰুমৰ কোঠালীত থকা সা-সামগ্ৰীৰ লগতে কিতাপৰ এটি দম সম্পুৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ খবৰ পাই মুকালমুৱাৰ অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল তৎপৰতাৰে বিদ্যালয়খনত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে বিদ্যালয়খন বন্ধ হৈ আছে।