গোলাঘাট : সৰুপথাৰত কৃষি বিভাগৰ সজাগতা সভা (Farmer Awareness Camp) আৰু পথাৰ দিৱস সম্পন্ন। গোলাঘাট জিলাৰ সৰুপথাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং পদুমনি গাঁৱত ‘প্ৰাকৃতিক কৃষি’ সন্দৰ্ভত এখন সজাগতা সভা আৰু সৰিয়হৰ পথাৰ দিৱস উদযাপন কৰা হয়।

কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (আত্মা)ৰ উদ্যোগত জিলা কৃষি বিভাগে আয়োজন কৰা এই সজাগতা সভাত মাটিৰ উৰ্বৰতা শক্তি ব্যাহত নোহোৱাকৈ সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰা সাৰ কৃষি কাৰ্যত ব্যৱহাৰ কৰাৰ সন্দৰ্ভত খেতিয়ক সকলৰ সৈতে বিশদভাৱে অৱগত কৰে কৰ্মসূচী বিষয়া ড: অমৰজিত শইকীয়াই। তদুপৰি এই সভাত উপস্থিত থাকে গোলাঘাট জিলাৰ জ্যেষ্ঠ গৱেষক (আইচিএআৰ-ডিআৰএমআৰ) উদ্দীপনা চান্দ্রিল্য।

এই সভাত কৃষক সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বিভিন্ন আঁচনি সন্দৰ্ভত কৃষি সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়াই কৃষক সকলক এক সজাগতামূলক বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে সভাখনত জিলা সামাজিক ক্ষেত্ৰ ততাধায়ক ময়ুৰী বৰা উপস্থিত আছিল। অনুষ্ঠানটোৰ আঁত ধৰে গোলাঘাট জিলাৰ আত্মাৰ ব্লক টেকনলজি মেনেজাৰ অংকুৰ জ্যোতি শৰ্মাই। সভাত প্ৰায় অৰ্ধ শতাধিক কৃষক উপস্থিত থাকে।