নলবাৰী : নলবাৰীত জিলা কৃষি বিভাগৰ (Nalbari Agriculture Department) উদ্যোগত মেৰী পলিচি মেৰে হাত কাৰ্যসূচী। নলবাৰী জিলা কৃষি বিভাগৰ উদ্যোগত জিলা প্ৰশাসন আৰু ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানীৰ সহযোগত প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা (ৰবি শস্যৰ) ২০২২-২৩ অধীনত মেৰী পলিচি মেৰে হাত কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়।

পলিচি বিতৰণৰ প্ৰথম দিনা ৫ নং পূব বতাহঘিলা, ১৫ নং দিহজাৰী, ২১ নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ, ৩৯ নং পূৱ নতুন দেহাৰ, ৪৪ নং নাথকুচি, ৪৯(৩) নং উপৰ বৰভাগ আৰু ৫৫ নং বৰ্নিবাৰি গাঁও পঞ্চায়তত কৃষকৰ মাজত পলিচি বিতৰণ কৰা হয়। ৫ নং পূব বতাহঘিলা গাঁও পঞ্চায়তত জিলা কৃষি বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মাৰ উপস্থিতিত ২৭ জন কৃষকক পলিচি বিতৰণ কৰা হয়। জিলা কৃষি বিষয়াই ফচল বীমা যোজনাৰ সুবিধা সম্পৰ্কে বিশদভাৱে কৃষকক অৱগত কৰাৰ লগতে বীজ সিঁচাৰ পৰা শস্য চপোৱালৈ সাম্ভাৱ্য ক্ষতি যেন বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে, কীট পতংগ আক্ৰমণ অথবা শস্য ৰোগৰ ফলত শস্য নষ্ট হ’লে ফচল বীমাৰ জৰিয়তে কৃষকে ক্ষতি পূৰণ লাভ কৰিব পাৰিব বুলিও অৱগত কৰে।

আনহাতে যি সকলে এতিয়াও ফচল বীমা যোজনাৰ আঁচনি গ্ৰহণ কৰা নাই তেঁওলোককো এই আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে ১ হেক্টৰ পৰ্যন্ত মাত্ৰ ১০০ টকা কৃষকে দিব লাগিব। ফচল বীমা যোজনাৰ সুবিধা অনলাইন যোগেও লাভ কৰিব পাৰিব https://www.pmfby.gov.in ৱেব চাইডৰ জৰিয়তে। এই সম্পৰ্কে অধিক জানিবলৈ জিলা কৃষি বিভাগৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনায়।

এই অনুষ্ঠানতে কৃষি বিষয়া মুনীন্দ্ৰ কুমাৰ শৰ্মাই পি এম কিষাণ, ধান ক্ৰয় আঁচনি আৰু প্ৰধানমন্ত্ৰীৰ কৃষি সিঞ্চয়ী যোজনা সম্পৰ্কে কৃষকক সজাগ কৰে। অনুষ্ঠানত কৃষি পৰিদৰ্শক মোহন চন্দ্ৰ ভৰালী, অতিৰিক্ত কৃষি পৰিদৰ্শক কন্দৰ্প ৰাজবংশী, আঁচনি বিষয়া জোনালী শৰ্মা, মাধ্যম বিশেষজ্ঞ ৰুনজুন দাস, গাণনিক বিষয়া মনালিছা তালুকদাৰ, পঞ্চায়ত সভাপতি অঞ্জন জ্যোতি তালুকদাৰ , পঞ্চায়ত সচিব নৰোত্তম দাস, ৰিলায়েন্স জেনেৰেল ইঞ্চুৰেন্স কোম্পানিৰ অখিল দাস আৰু মানস প্ৰতীম শৰ্মা উপস্থিত থাকে।