গুৱাহাটী : ৰাউণ্ড টেবল ইণ্ডিয়া (Round Table India) আৰু লেডীছ চৰ্কল ইণ্ডিয়াৰ দ্বাৰা নিৰ্মাণ কৰা হ’ল চাৰিটাকৈ শ্ৰেণী কোঠা ব্লক। ৰাউণ্ড টেবল ইণ্ডিয়া (আৰটিআই) আৰু লেডিজ চাৰ্কল ইণ্ডিয়া (এলচিইণ্ডিয়া) গুৱাহাটী অধ্যায়, গুৱাহাটী চহৰৰ ২৩৯ (জিচিআৰটি ২৩৯) আৰু গুৱাহাটী চহৰৰ লেডিজ চাৰ্কল (জিচিএলচি ১৫৯)ৰ উদ্যোগত কাহিলীপাৰাৰ লক্ষ্মীনাথ বেজবৰুৱা এম ই স্কুলত নিৰ্মিত চাৰিটা শ্ৰেণী কোঠাৰ স্কুল ব্লক উদ্বোধন কৰা হয়।

এই চাৰিটা শ্ৰেণী কোঠাৰ স্কুল ব্লকটো সম্পূৰ্ণ সুসজ্জিত। এই শ্ৰেণী কোঠাকেইটা এটা স্মাৰ্ট শ্ৰেণী কোঠা, এটা কম্পিউটাৰ লেব, এটা কিডছ টয় ৰুম আৰু এটা নিয়মীয়া শ্ৰেণী কোঠাৰে গঠিত। এই শ্ৰেণী কোঠা কেইটা নিৰ্মাণত স্বৰ্গীয় অশোক কুমাৰ জৈনৰ পুত্ৰ অনুৰাগ জৈন আৰু অংকিত জৈনে সহযোগ প্ৰদান কৰিছে। শ্ৰেণী কোঠা কেইটাৰ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে ৰাউণ্ড টেবল ইণ্ডিয়াৰ ৰাষ্ট্ৰীয় সভাপতি মনিষ লখোটিয়া, প্ৰাথমিক শিক্ষাৰ উপ-সঞ্চালক প্ৰসন্ন বৰা, ৰাউণ্ড টেবল ইণ্ডিয়াৰ আঞ্চলিক অধ্যক্ষ বৈভৱ জালান, লেডিজ চাৰ্কল ইণ্ডিয়াৰ অধ্যক্ষ বন্দনা আগৰৱালা আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক নীলমণি শইকীয়া।

উদ্ধোধনী অনুষ্ঠানটো পৰিচালনা কৰে শ্বেতা ধানধৰিয়া, অংকিত জৈন ৰিবেকা আগৰৱালাই কৰে। নিৰজ বুধিয়া, মোহিত আগৰৱালা, অমিত ধানধৰিয়াই অনুষ্ঠানটো আগবঢ়াই নিয়ে।