ৰঙিয়া : ভয়ংকৰ পথ দুর্ঘটনাত (Road Accident) থিতাতে নিহত পিতৃ আৰু নৱ বিবাহিতা কন্যা। শিশুসহ আহত চাৰিজনকৈ লোক। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল চাৰিচকীয়া বাহন। আহত দুজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ। দুজনৰ আঘাত সামান্য।

দেওবাৰে এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হয় পিতৃ আৰু নৱ বিবাহিতা কন্যা। এখন তীব্ৰ বেগী বাহন নিয়ন্ত্রণ হেৰুৱাই খাৱৈত পৰাত থিতাতে পিতৃ আৰু নৱ বিবাহিতা কন্যা নিহত হোৱাৰ লগতে বাহনখনত থকা চাৰিজনকৈ লোক আহত হয়। আহত সকলৰ ভিতৰত আছে এটি শিশু। ইয়াৰে দুজন লোকৰ আঘাত গুৰুত্বৰ হোৱাৰ বাবে দুয়োকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

আহত চাৰিজনৰ ভিতৰত দুজনৰ আঘাত সামান্য বুলি জানিব পৰা গৈছে। এই ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাতকুছিত। এজন প্ৰত্যক্ষদৰ্শী য়ে জানিবলৈ দিয়ে “প্ৰয়া ১০.৩০ বজাত তীব্ৰ বেগী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খাৱৈত বাগৰি পৰে। ফলত দুজন লোক থিতাতে নিহত হয়।” স্থানীয় ৰাইজে আহত সকলক উদ্ধাৰ কৰি ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আহত সকলৰ ভিতৰত এটি শিশু আৰু শিশুটিৰ মাতৃৰ আঘাত গুৰুত্বৰ হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে আন দুজনৰ আঘাত সামান্য হোৱাৰ বাবে দুয়োকে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তে চিকিৎসা প্ৰদান কৰা হয়। নিহত লোক দুজন শিৱপ্ৰসাদ বৰুৱা আৰু তেওঁৰ চন্দ্ৰমা বৰুৱা বুলি জানিব পৰা গৈছে।

নিহত চন্দ্ৰমা বৰুৱা নৱ বিবাহিতা বুলি জানিব পৰা গৈছে। দুঘটনাগ্ৰস্ত বাহনখনৰ যাত্ৰীসকল দৰং জিলাৰ মঙলদৈৰ। বৰপেটালৈ বিয়া খাবলৈ মঙলদৈৰ পৰা গৈ থকা অৱস্থাত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে। দুর্ঘটনাগ্ৰস্ত বাহনখনৰ যাত্ৰীসকল একেট পৰিয়ালৰ। ইফালে মঙলদৈত পৰিয়ালটো কান্দোনত ভাঙি পৰিছে। এই দুর্ঘটনাই সমগ্ৰ মঙলদৈৰ শোকৰ ছাঁ পেলাইছে।