কোকৰাঝাৰ : আৰক্ষী আৰু কে এল অ’ৰ (KLO) সদস্যৰ মাজত সংঘৰ্ষ (Encounter between police and KLO)। কোকৰাঝাৰত আৰক্ষীৰ গুলীত নিহত কে এল অ’ৰ দুজন সদস্য। এজন সদস্য অহাত। চাৰিজনক আটক। পিষ্টলসহ উদ্ধাৰ বহু বিস্ফোৰক সামগ্ৰী। পুৱাৰ ভাগত আৰক্ষীয়ে এক অভিযান চলাবলৈ যাওঁতে সংঘটিত হয় এই সংঘৰ্ষ।

কোকৰাঝাৰ-ধুবুৰী জিলাৰ সীমান্তৰ চক্ৰশীলা আৰু বাওখুংগ্ৰী পাহাৰৰ সমীপৰ মাওৰীয়াগাঁৱত সোমবাৰে পুৱা প্ৰায় ৪ বজাত আৰক্ষীৰ সৈতে হোৱা এক সংঘৰ্ষত দুজন কে এল অ’ৰ সদস্য নিহত হোৱাৰ লগতে চাৰিজনকৈ সদস্যক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে (Encounter between police and KLO)। আটকধীন চাৰিজনৰ এজন সদস্য ৰাইজৰ আক্ৰমণত আহত হৈছে। অভিযানকাৰী দলটোৱে সংঘৰ্ষস্থলীৰ পৰা দুটাকৈ পিষ্টল আৰু বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে (Arms and ammunition recovered)।

আৰক্ষীৰ সংঘৰ্ষত নিহত হোৱা কে এল অ’ৰ সদস্য দুজন হৈছে ওদালগুৰি জিলাৰ ৰৌতাৰ অভিজিৎ ডেকা আৰু বঙাইগাঁও জিলাৰ কাশিডোবাৰ নিপন ৰায়। আনহাতে ৰাইজৰ আক্ৰমণত আহত হোৱা কে এল অ’ৰ সদস্যজন হৈছে গণেশ বিশ্বাস। জানিব পৰা মতে দেওবাৰে বান্দৰপাৰত পাাঁচজন অচিনাক্ত যুৱকে দোকান এখনৰ পৰা সামগ্ৰী লৈ পিষ্টল দেখুৱাই উক্ত স্থান ত্যাগ কৰিছিল৷ ইয়াৰ পিছতে দুজন যুৱকে গাঁৱত সোমাই দুটা ছাগলী ধৰি চক্ৰশীলা পাহাৰৰ দিশে গুচি যায়৷ অস্ত্ৰধাৰী যুৱকৰ দলটোৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ গঞা ৰাইজ একত্ৰিত হৈ পাহাৰৰ পিনে ছাগলীৰ সন্ধানত যায়। চক্ৰশীলা পাহাৰতে ছাগলীৰ সৈতে এজন যুৱকক আটক কৰি ৰাইজে প্ৰহাৰ কৰে।

ৰাইজৰ ৰুদ্ৰৰূপ দেখি দলটোৰ বাকীকেইজন সদস্যই গুলীচালনা কৰি পলায়ন কৰে (Kokrajhar Firing News)। ইফালে ৰাইজৰ আক্ৰমণত আহত হোৱা গণেশ বিশ্বাস নামৰ যুৱকজনক ৰাইজে আৰক্ষীক গতাই দিয়ে। আৰক্ষী আৰু চি আৰ পি এফৰ দলে সোমবাৰে পুৱাৰ ভাগত চক্ৰশীলা-বাওখুংগ্ৰী পাহাৰত অভিযান আৰম্ভ কৰে। আৰক্ষীৰ দলটোক দেখি অস্ত্ৰধাৰীৰ যুৱকৰ দলটোৱে আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ ধৰে। আৰক্ষীও প্ৰত্যুত্তৰত গুলী চালনা কৰে। ফলত দুজনকৈ কে এল অ’ৰ সদস্য নিহত হয় আৰু তিনিজনকৈ কে এল অ’ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

আটকাধীন তিনি কে এল অ’ৰ সদস্যসকল হৈছে ক্ৰমে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ বৰকুলাৰ অমলজ্যোতি বিশ্বাস, ৰৌতাৰ ইক্ৰাবাৰীৰ ৰনঞ্জয় লস্কৰ আৰু চিৰাং জিলাৰ বাসুগাঁৱৰ তিলকগাঁৱৰ প্ৰাণজিৎ ৰায়। আনহাতে গঞা ৰাইজে আটক কৰি আৰক্ষীক গতাই দিয়া কে এল অ’ৰ সদস্যজন ওদালগুৰি জিলাৰ ৰৌতাৰ ফাকিদিয়া গাঁৱৰ গণেশ বিশ্বাস বুলি আৰক্ষীয়ে সদৰি কৰিছে। আৰক্ষীয়ে অভিযান চলাই চক্ৰশীলা পাহাৰত থকা কে এল অ’ৰ এটা অস্থায়ী কেম্প ধ্বংস কৰে। ঘটনাটোৱে কোকৰাঝাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাইজৰ আক্ৰমণত আহত হোৱা কে এল অ’ সদস্য গণেশ বিশ্বাসে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে কে এল অ’ৰ অধ্যক্ষ জীৱন সিংহ মূলসুঁতিলৈ উভতি অহাত সংগঠনটোৰ নেৰ্তৃত্ব বহন কৰিছে ডিএল কোচে। ডিএল কোচৰ নেৰ্তৃত্বতে সংগঠনটোৰ নতুন সদস্যভৰ্তি অভিযান চলিছে বুলি সদৰি কৰিছে কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কে এ লঅ’ সদস্য গণেশ বিশ্বাসে।