যোৰহাট : অৱশেষত ট্ৰেংকুলাইজ কৰা হ’ল যোৰহাটৰ নাহৰফুটুকী বাঘটোক (Jorhat Leopard)। ২৪ ঘণ্টা ধৰি অভিযান চলাই অৱশেষত বন বিভাগে নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়। সোমবাৰৰ পৰা সন্ত্ৰাস চলাই আছিল নাহৰফুটুকী বাঘটোক। ১৩ জনকৈ লোক আহত হৈছে নাহৰফুটুকী বাঘটোৰ আক্ৰমণত।

সোমবাৰে পুৱাৰ ভাগৰে পৰা যোৰহাটত দুটাকৈ নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আছিল। পুৱা যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰাৰ লগতে মহিলা গৰাকীৰ পুত্ৰ আৰু কন্যাক আক্ৰমণ কৰি আহত কৰিছিল।নাহৰফুটুকী বাঘৰ খবৰ পাই নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ এটা দল উপস্থিত হোৱাত নাহৰফুটুকী বাঘটোৱে আক্ৰমণ চলাই দুজনকৈ বন কৰ্মীকো আহত কৰিছে।

নাহৰফুটুকী বাঘটোৱে বন বিভাগৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাত নাহৰফুটুকী বাঘটোৱে মুঠ ৬ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল। বন বিভাগৰ দলে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ সময়তে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাৰ কাষৰীয়া ঘৰফলীয়া গাঁৱতো নাহৰফুটুকী বাঘ এটাই ৭ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰিছিল।

প্ৰথম অৱস্থাত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাৰ নাহৰফুটুকী বাঘটো ওলাই আহি ঘৰফলীয়া গাঁৱত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে যদিও পৰৱৰ্তী সময়ত স্পষ্ট হয় যে ঘৰফলীয়া গাঁৱত অন্য এটা নাহৰফুটুকী বাঘে আক্ৰমণ চলাইছে। ঘৰফলীয়া গাঁৱত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হোৱা ৭ জনৰ ভিতৰত ৰেখা গগৈ নামৰ এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হৈছিল। বন বিভাগে নাহৰফুটুকী বাঘ দুটাক পিঞ্জৰাবদ্ধ কৰিবলৈ অভিযান চলাই অৱশেষত মঙলবাৰে পুৱাৰ ভাগত নাহৰফুটুকী বাঘটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয়।

সোমবাৰে পুৱাৰ ভাগৰে পৰা অঞ্চল দুটাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈ আছিল। মঙলবাৰে নাহৰফুটুকী বাঘটোক বন বিভাগে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হোৱাত অঞ্চল দুটাৰ ৰাইজে স্বস্তিৰ নিশ্বাস ত্যাগ কৰিছে। নাহৰফুটুকী বাঘ দুটাৰ সন্ত্ৰাসত এক শ্বাসৰুদ্ধকৰক পৰিৱেশৰ সৃষ্টি হৈছিল অঞ্চল দুটাত।