যোৰহাট : দুটাকৈ নাহৰফুটুকী বাঘৰ তাণ্ডৱ (Leopard Terror)। ১৩ জনকৈ লোক আহত নাহৰফুটুকী বাঘ দুটাৰ আক্ৰমণত। আহত সকলৰ ভিতৰত আছে শিশু আৰু মহিলা। নাহৰফুটুকী বাঘ দুটাক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ অভিযান অব্যাহত।

সোমবাৰে পুৱাৰ ভাগৰে পৰা যোৰহাটত দুটাকৈ নাহৰফুটুকী বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। পুৱা যোৰহাটৰ চটাইস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাত এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰাৰ লগতে মহিলা গৰাকীৰ পুত্ৰ আৰু কন্যাক আক্ৰমণ কৰি আহত কৰে।

নাহৰফুটুকী বাঘৰ খবৰ পাই নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ বন বিভাগৰ এটা দল উপস্থিত হোৱাত নাহৰফুটুকী বাঘটোৱে আক্ৰমণ চলাই দুজনকৈ বন কৰ্মীক আহত কৰে। নাহৰফুটুকী বাঘটোৱে বন বিভাগৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাত নাহৰফুটুকী বাঘটোৱে মুঠ ৬ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰে।

বন বিভাগৰ দলে নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰচেষ্টা চলাই থকাৰ সময়তে বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাৰ কাষৰীয়া ঘৰফলীয়া গাঁৱতো নাহৰফুটুকী বাঘ এটাই ৭ জনকৈ লোকক আক্ৰমণ কৰি আহত কৰে। প্ৰথম অৱস্থাত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান কেন্দ্ৰৰ আৱাসিক এলেকাৰ নাহৰফুটুকী বাঘটো ওলাই আহি ঘৰফলীয়া গাঁৱত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে যদিও পৰৱৰ্তী সময়ত স্পষ্ট হয় যে ঘৰফলীয়া গাঁৱত অন্য এটা নাহৰফুটুকী বাঘে আক্ৰমণ চলাইছে।

ঘৰফলীয়া গাঁৱত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হোৱা ৭ জনৰ ভিতৰত ৰেখা গগৈ নামৰ এগৰাকী মহিলা গুৰুত্বৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। বন বিভাগে নাহৰফুটুকী বাঘ দুটাক পিঞ্জৰাবদ্ধ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। ইগালে অঞ্চল দুটাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। বন বিভাগে অঞ্চল দুটাৰ ৰাইজক ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে। আহত সকলোকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে।