জোনমণি বেগম

বিশ্বনাথ : নিমাতিঘাট ফেৰী দুর্ঘটনাৰ যাত্ৰীৰ বেগ উদ্ধাৰ বিশ্বনাথত। বিশ্বনাথত ব্ৰহ্মপুত্ৰ নদীত বেগ উদ্ধাৰকলৈ তীব্ৰ চাঞ্চল্য। দুজন লোকে মাছ মাৰিবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত বেগ উঠি অহা প্ৰত্যক্ষ কৰে। মাছ মাৰিবলৈ যোৱা লোক দুজনে বেগটো উদ্ধাৰ কৰি বিশ্বনাথ ঘাট নদী আৰক্ষীক খবৰ দিয়ে।

শুকুৰবাৰে পুৱাৰ ভাগত বিশ্বনাথৰ ছোৱাগুৰী অঞ্চলত ব্ৰাহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ হোৱা এটা বেগক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। পুৱা গুপ্তকাশী বিশ্বনাথ ঘাটৰ ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলী নামৰ দুজন লোকে মাছ মাৰিবলৈ গৈ নদীত উটি থকা অৱস্থাত বেগটো প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে।

বেগটো উদ্ধাৰ কৰাৰ পিছত লোক দুজনে বিশ্বনাথ ঘাট নদী আৰক্ষীক খবৰ দিয়ে। নদী আৰক্ষীয়ে বেগটোৰ পৰা আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, মেখেলা চাদৰ আৰু পুৰুষৰ চাৰ্ট এটা উদ্ধাৰ কৰে। বেগটোৰ পৰা উদ্ধাৰ হোৱা পৰিচয় পত্ৰ হ’ল ৰূপৰেশা বৰা, স্বামী ইন্দেশ্বৰ বৰা আৰু ঠিকনা হৈছে লক্ষীমপুৰৰ।

বিশ্বনাথ ঘাট নদী আৰক্ষীয়ে মাজুলী প্ৰশাসনৰ লগত যোগাযোগ কৰি নিশ্চিত হয় যে নিমাতিঘাটত দুর্ঘটনা হোৱা ফেৰীখনৰ যাত্ৰী আছিল ৰূপৰেখা বৰা। ৰূপৰেখা বৰাৰ স্বামী ইন্দেশ্বৰ বৰা এতিয়াও সন্ধানহীন হৈ আছে যদিও গুপ্তকাশী বিশ্বনাথ ঘাটত উদ্ধাৰ হৈছে তেওঁলোকৰ বহু সামগ্ৰী ভৰ্তী বেগটো।