আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰ জিলাত দিখৌ নদীত অবৈধভাৱে শিল খননৰ অভিযোগত বৃহস্পতিবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিহুবৰকে ধৰি ভিন্ন প্ৰান্তৰ দিখৌপৰীয়া ৰাইজে। “দিখৌ ৰক্ষা কৰোঁ আঁহক” নামেৰে শিৱসাগৰ হলিনেম স্কুলৰ পৰা উপায়ুক্ত কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল উলিওৱাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

সংগঠন, ৰাইজৰ প্ৰতিবাদ ৰোধৰ বাবে ৰাজপথত আৰক্ষী যুদ্ধংদেহী সমৰসজ্জা৷ সমদল উলিওৱাৰ পিছ মূৰ্হুততে ৰাজপথত বাধা প্ৰদান কৰে বিশাল আৰক্ষীৰ দলে৷ ফলত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰো সৃষ্টি হোৱাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সুত্ৰপাত হয়৷ উপায়ন্তৰ হৈ প্ৰতিবাদকাৰী সকল ৰাজপথতে বহি দিখৌ নদীক ৰক্ষা কৰক, চৰকাৰৰ স্বেচ্ছাচাৰীতা বন্ধ কৰক আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, দিখৌ নদীৰ উৎপতিস্থল শিৱসাগৰ জিলাৰ চাৰিসীমাৰ ভিতৰত দীৰ্ঘ সময় ধৰি একাংশ ৰাজনৈতিক নেতাৰ আশীষ ধন্যত মাফিয়াই ব্যাপক হাৰত শিল খননেৰে ৰাজহ ফাকি দি অহাৰ লগতে নদী পৰীয়া ৰাইজলৈ প্ৰচণ্ড ভাবুকী নমাই অনাৰ অভিযোগ উত্থাপন হৈছিল৷ পৰৱৰ্তী সময়ত ছাত্ৰ মুক্তিৰ এটা দলে জিলা উপায়ুক্তক অবৈধ শিল খনন বন্ধৰ দাবীৰে স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পেলায়।